ETV Bharat / bharat

Maoist killed : ঝাৰখণ্ডত আৰক্ষীৰ অভিযানত নিহত ৫ মাওবাদী - Maoist arrested in Chhattisgarh

ঝাৰখণ্ডত মাওবাদী বিৰোধী অভিযান অব্যাহত আছে । সোমবাৰে চলা তেনে এক অভিযানত পালামু আৰু চাত্ৰাৰ সীমান্তৱৰ্তী অঞ্চলত ৫ মাওবাদী নিহত (5 Maoist killed)। ঘটনাস্থলীৰ পৰা দুটা একে-৪৭ ৰাইফল উদ্ধাৰ ।

Maoist killed
ঝাৰখণ্ডত আৰক্ষীৰ অভিযানত নিহত ৫ মাওবাদী
author img

By

Published : Apr 3, 2023, 2:00 PM IST

নেশ্যনেল ডেস্ক,৩ এপ্ৰিল : ঝাৰখণ্ডত মাওবাদীৰ সন্ত্ৰাস অব্যাহত আছে (Maoist terror in Jharkhand)। তাৰ মাজতে নিৰাপত্তা বাহিনীয়ে মাওবাদী বিৰোধী অভিযান অব্যাহত ৰাখিছে । সোমবাৰে পুনৰ ঝাৰখণ্ডত মাওবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ । ঝাৰখণ্ডৰ পালামু-চাত্ৰা সীমান্তৰ এই সংঘৰ্ষত ৫ টা মাওবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে (5 Maoist killed in Jharkhand)। তাৰ ভিতৰত দুজনৰ বিৰুদ্ধে পূৰ্বে ২৫ লাখ টকা আৰু আন দুজনৰ বিৰুদ্ধে ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল । নিৰাপত্তা বাহিনীয়ে ঘটনাস্থলীৰ পৰা দুটা একে-৪৭ ৰাইফল উদ্ধাৰ কৰিছে ।

পালামু আৰু চাত্ৰাৰ সীমান্তৱৰ্তী অঞ্চলটোত জিলা আৰক্ষী বাহিনীৰ সৈতে চিআৰপিএফৰ বিশেষ কোব্ৰা বেটেলিয়ন, ঝাৰখণ্ড সশস্ত্ৰ আৰক্ষী (জেএপি) আৰু ভাৰতীয় ৰিজাৰ্ভ বেটেলিয়ন (আইআৰবি)ৰ এটা দলে যুটীয়া অভিযান চলাইছিল (Security forces operation against Maoist)। সেই সময়তে অঞ্চলটোত দুয়োপক্ষৰ মাজত সংঘৰ্ষ হয় । বহু সময় ধৰি চলা গুলীয়াগুলিৰ অন্তত ৫ মাওবাদী নিহত হয় । এতিয়াও সমগ্ৰ অঞ্চলটোত অনুসন্ধান অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে ।

এদিন পূৰ্বে, ছত্তিশগড়ৰ কাঙ্কেৰ জিলাৰ কয়লিবেদা আৰক্ষী থানাৰ অন্তৰ্গত বনাঞ্চলৰ পৰা আৰক্ষী আৰু জিলা ৰিজাৰ্ভ গ্ৰুপে (ডিআৰজি) ৩ টা মাওবাদীক গ্ৰেপ্তাৰ কৰিছিল (Maoist arrested in Chhattisgarh)। গ্ৰেপ্তাৰ কৰা মাওবাদী কেইটা সমুণ্ড ওৰফে সুমন সিং অঞ্চলা (৪২), সঞ্জয় কুমাৰ উচেন্দি (২৭) আৰু পৰশ্ৰাম ধনগুল (৫৫) বুলি চিনাক্ত কৰা হৈছে । গ্ৰেপ্তাৰ কৰা মাওবাদী কেইটাৰ বিৰুদ্ধে বাহন আৰু টাৱাৰ জ্বলোৱা আৰু আৰক্ষীৰ পোছাকত সাধাৰণ লোকক আক্ৰমণ কৰাৰ অভিযোগ আছিল ।

বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিতে দলটোৱে অভিযান চলাইছিল আৰু মাওবাদী কেইটাক গ্ৰেপ্তাৰ কৰা হৈছিল । জানুৱাৰী মাহত ঝাৰখণ্ডৰ চাত্ৰা জিলাত আৰক্ষীৰ সংঘৰ্ষত এটা মাওবাদী নিহত হৈছিল । ২০২২ চনৰ ছেপ্টেম্বৰত ঝাৰখণ্ডৰ চেৰাইকেলা-খাৰচাৱান জিলাত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত দুটা মাওবাদী নিহত হৈছিল আৰু তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছিল ।

লগতে পঢ়ক :Bihar violence : বিহাৰৰ চাচাৰামত ১৪৪ ধাৰা, ঘৰ এৰি পলায়ন বহুলোকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.