নেশ্যনেল ডেস্ক, ৬ ফেব্ৰুৱাৰী: জম্মু-কাশ্মীৰত 4G ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ হ'ব বুলি প্ৰশাসনে ঘোষণা কৰাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ শলাগ লৈছে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ ৰাজনৈতিক দলৰ নেতাৰ লগতে ৰাজ্যপালগৰাকীয়ে । ৰাজ্যপাল মনোজ সিন্হা আৰু জম্মু-কাশ্মীৰ অপনী পাৰ্টীৰ অধ্যক্ষ আলতাফ বুখাৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰে ।
-
4G Mubarak! For the first time since Aug 2019 all of J&K will have 4G mobile data. Better late than never.
— Omar Abdullah (@OmarAbdullah) February 5, 2021 " class="align-text-top noRightClick twitterSection" data="
">4G Mubarak! For the first time since Aug 2019 all of J&K will have 4G mobile data. Better late than never.
— Omar Abdullah (@OmarAbdullah) February 5, 20214G Mubarak! For the first time since Aug 2019 all of J&K will have 4G mobile data. Better late than never.
— Omar Abdullah (@OmarAbdullah) February 5, 2021
পুনৰ 4G ইণ্টাৰনেট সেৱা আৰম্ভ কৰিলে যুৱচাম আনন্দিত হোৱাৰ লগতে তেওঁলোকৰ প্ৰয়োজনীয় কাম কৰিব পাৰিব বুলি টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যপালগৰাকীয়ে । প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নেশ্যনেল কনফাৰেন্স দলৰ উপাধ্যক্ষ ওমৰ আব্দুল্লাই পুনৰ হাই স্পীড ইণ্টাৰনেট সেৱা আৰম্ভ কৰা প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, চিৰদিনৰ বাবে 4G ইণ্টাৰনেট সেৱা নিষিদ্ধ কৰাতকৈ পলমকৈ আৰম্ভ হোৱাই ভাল ।
-
I thank the Hon’ble PM @narendramodi Ji and HM @AmitShah Ji for acceding to our request and restoring 4G services in the entire J&K UT. The move will fulfil the aspirations of the people, particularly the youth.
— Office of LG J&K (@OfficeOfLGJandK) February 5, 2021 " class="align-text-top noRightClick twitterSection" data="
">I thank the Hon’ble PM @narendramodi Ji and HM @AmitShah Ji for acceding to our request and restoring 4G services in the entire J&K UT. The move will fulfil the aspirations of the people, particularly the youth.
— Office of LG J&K (@OfficeOfLGJandK) February 5, 2021I thank the Hon’ble PM @narendramodi Ji and HM @AmitShah Ji for acceding to our request and restoring 4G services in the entire J&K UT. The move will fulfil the aspirations of the people, particularly the youth.
— Office of LG J&K (@OfficeOfLGJandK) February 5, 2021
সুদীৰ্ঘ ১৮ মাহৰ অন্তত 4G ইণ্টাৰনেট সেৱা আৰম্ভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক টুইটযোগে ধন্যবাদ জনায় । আনহাতে, জম্মু-কাশ্মীৰ অপনী পাৰ্টীৰ অধ্যক্ষ আলতাফ বুখাৰীয়ে টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, কেন্দ্ৰীয় চৰাকাৰৰ এই সিদ্ধান্তই শিক্ষাৰ্থী আৰু যুৱ প্ৰজন্মৰ বাবে ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে । লগতে জম্মু-কাশ্মীৰৰ ৰাইজৰ দাবী পূৰণ কৰা বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তেওঁ ধন্যবাদ জ্ঞাপন কৰে ।
লগতে পঢ়ক:বাংগালুৰুত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় উদ্যান-শস্য মেলা