ETV Bharat / bharat

Unity among diversity: হৰিদ্বাৰৰ আৱালাপুৰ চিত্ৰিত হিন্দু-মুছলমানৰ ঐক্যতাৰ বান্ধোন

author img

By

Published : Jul 12, 2022, 2:06 PM IST

ধৰ্মৰ নামত যদিও দেশত একাংশৰ মাজত গোঁড়ামি আৰু শত্ৰুতা পৰিস্ফূট হৈ আহিছে, এনে সময়তে ভাৰতৰ এটা কোণত প্ৰতিফলিত হৈছে হিন্দু-মুছলমানৰ একতাৰ প্ৰতীক(Bond of Hindu-Muslim unity) । সকলো ধৰ্মৰ মানুহৰ পাৰস্পৰিক প্ৰেম পৰিস্ফূট হয় বিশেষকৈ তেওঁলোকৰ উৎসৱ-পাৰ্বনসমূহত ৷ তেনে এক আন্তৰিকতা দেখা গৈছে ধৰ্মনগৰী হৰিদ্বাৰত ৷ হৰিদ্বাৰত আৰম্ভ হ'বলগীয়া কুম্ভ মেলাৰ বাবে প্ৰায় 400 টা মুছলমান পৰিয়ালে শিৱৰ ভক্তসকলৰ বাবে চলাইছে প্ৰস্তুতি (Muslim families are preparing kanwar in haridwar) ।

Muslim families are preparing kanwar in haridwar
হৰিদ্বাৰৰ আৱালাপুৰ চিত্ৰিত হিন্দু-মুছলমানৰ ঐক্যতাৰ বান্ধোন

নেশ্যনেল ডেস্ক, 12 জুলাই : ৰাজনৈতিক মহলে হিন্দু-মুছলমানৰ নামত ইজনে সিজনৰ বিৰুদ্ধে গোঁড়ামি বা সত্ৰুতা বিয়পাব পাৰে (Fostering Hindu-Muslim bonhomie); কিন্তু ভাৰতৰ প্ৰকৃত পৰিচয় বৈচিত্ৰৰ মাজত ঐক্যতা (Unity among diversity) । ভাৰতৰ প্ৰতিটো ধৰ্মৰ এজনে আনজনৰ ধৰ্মক সন্মান কৰে ৷ আনকি প্ৰয়োজনত সেই ধৰ্মীয় উৎসৱৰ বতৰত এজনে আনজনৰ কাষত থিয় হয় ।

বিভিন্ন সময়ত এতিয়া ইয়াৰ পৰিচয় পোৱা গৈছে ৷ তাৰে ভিতৰত অন্যতম হ’ল ধৰ্মনগৰী হৰিদ্বাৰৰ বৰ্তমানৰ পৰিৱেশ ৷ শাওন মাহ অহাৰ লগে লগে ভগৱান ভোলেনাথৰ প্ৰিয় ভক্তসকলে আয়োজন কৰে কুম্ভ মেলাৰ (Kumbh Mela organized by devotees of Lord Shiva) ৷ সমগ্ৰ দেশৰ ভক্তসকলে গংগাৰ পৰা পানী আনি ভগৱান শিৱক স্নান কৰায় ৷

এয়া এক ধৰ্মীয় পৰম্পৰা ৷

হিন্দুসকলৰ সমান্তৰালকৈ হৰিদ্বাৰত থকা মুছলমান সম্প্ৰদায়ৰ লোকসকল এতিয়া ব্যস্ত হৈ পৰিছে কানৱাৰ নিৰ্মাণ কৰাত (Muslim families are preparing kanwar in haridwar)৷ কানৱাৰ হৈছে গংগাৰ পানী আনিবলৈ যোৱাৰ সময়ত ভক্তসকলে কান্ধত কঢ়িয়াই লৈ যোৱা ভাৰডাল ৷

উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ আৱালাপুৰ চিত্ৰিত হৈছে হিন্দু-মুছলমানৰ ঐক্য তথা সম্প্ৰিতিৰ এই বান্ধোন ৷ বিশ্বৰ বিখ্যাত কুম্ভ মেলাৰ ধৰ্মীয় শোভাযাত্ৰা 14 জুলাইৰ পৰা আৰম্ভ হ'ব ৷ যাৰ বাবে তীৰ্থযাত্ৰীসকলে ব্যৱহাৰ কৰা 'কানৱাৰ' তৈয়াৰ কৰাত মহিলা, শিশু আৰু বৃদ্ধসহ প্ৰায় 400 টা মুছলমান পৰিয়াল ব্যস্ত হৈ পৰিছে ৷

পূৰ্বপুৰুষৰ পদাং অনুসৰণ কৰি, এই মুছলমান পৰিয়াল কেইটাই কেইবা বছৰ ধৰি 'কানৱাৰ' নিৰ্মাণৰ বৃত্তিত জড়িত হৈ আছে । উল্লেখ্য যে, ক’ভিড 19 মহামাৰীৰ বাবে বিগত প্ৰায় দুটা বছৰে 'কানৱাৰ'ৰ প্ৰস্তুত কৰিব পৰা নাছিল এই বৃত্তিৰ লগত জড়িত লোকসকলে ৷

অৱশ্যে পূৰ্বৰ তুলনাত পৰিস্থিতি কিছু উন্নত হোৱাত বৰ্তমান কিছু আশাৰ ৰেঙনি পৰিস্ফূট হৈছে স্থানীয় শিল্পীসকলৰ মাজত ৷ এই বৃত্তিত জড়িত থকা মুছলমান শিল্পীসকল আশাবাদী যে, উৎসৱৰ বতৰৰ আৰম্ভণিৰ লগে লগে ব্যৱসায়তো কিছু পৰিৱৰ্তন হ’ব ৷ কিন্তু পূৰ্বৰ তুলনাত 'কানৱাৰ' নিৰ্মাণৰ ব্যয় কিছু বৃদ্ধি পাইছে ।

প্ৰায় তিনি বছৰ আগতে, এটা 'কানৱাৰ' 500 টকাত উপলব্ধ আছিল । এতিয়া, ইয়াৰ মূল্য 1,250 টকালৈ বৃদ্ধি হৈছে । বাঁহ, ৰঙীন কাপোৰ, পুতলা আৰু অন্যান্য সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাৰ ফলতে কানৱাৰ বৰ্তমান ব্যয় বহুল হৈ পৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : JEE Main2022: শীৰ্ষ স্ক’ৰেৰে উজলিল ১৪ গৰাকী পৰীক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.