ETV Bharat / bharat

400 Mohalla Clinics in Punjab: অৰবিন্দ কেজৰিৱালে অমৃতসৰত মুকলি কৰিব ৪০০ খন মহল্লা ক্লিনিক

author img

By

Published : Jan 27, 2023, 1:19 PM IST

বছৰৰ পহিলাতে পঞ্জাৱবাসীয়ে লাভ কৰিলে ভাল খবৰ । শুকুৰবাৰে অমৃতসৰত পঞ্জাৱবাসীৰ বাবে মুকলি কৰা হ'ব ৪০০ খন মহল্লা ক্লিনিক(400 mohalla clinics to be inaugurated in Amritsar) । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে অমৃতসৰৰ পুতলিঘাৰত উদ্বোধন কৰিব ৪০০ খন মহল্লা ক্লিনিক ।

400 mohalla clinics to be inaugurated in Amritsar
মৃতসৰত মুকলি কৰিব ৪০০ খন মহল্লা ক্লিনিক

নেশ্যনেল ডেস্ক,২৭ জানুৱাৰী: পঞ্জাৱবাসীলৈ আপ চৰকাৰৰ আন এক বিশেষ উপহাৰ । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল(Delhi CM Arvind Kejriwal) আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে আজি অমৃতসৰৰ পুতলিঘাৰত পাঞ্জাৱবাসীক প্ৰদান কৰিব এই উপহাৰ । ইতিমধ্যে চৰকাৰ গঠন এটা বছৰ নৌহওতেই বহু উন্নয়ণমুখী কাৰ্যৰে জনতাৰ মন জয় কৰিবলৈ সক্ষম হোৱা পঞ্জাৱ চৰকাৰে নতুন বছৰত পঞ্জাৱবাসীলৈ উচৰ্গা কৰিব ৪০০ মহল্লা ক্লিনিক ।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে ৪০০ খন মহল্লা ক্লিনিক উদ্বোধনৰ বাবে ইতিমধ্যে উপস্থিত হৈছে অমৃতসৰত(400 mohalla clinics to be inaugurated in Amritsar) । AAP নেতৃত্বাধীন পঞ্জাৱ চৰকাৰে দ্বিতীয় পৰ্যায়ত, মুকলি কৰিবলৈ ওলাইছে এই ৪০০ খন মহল্লা ক্লিনিক । এইখিনিতে উল্লেখণীয় য়ে ২০২২ চনৰ ১৫ আগষ্টত ২০২২ চনৰ ১৫ আগষ্টত স্বাধীনতা দিৱস উপলক্ষে প্ৰথম পৰ্যায়ত ১০০ খন মহল্লা ক্লিনিক উদ্বোধন কৰা হৈছিল ।

২৬ জানুৱাৰী অৰ্থাৎ গণৰাজ্য দিৱসৰ দিনা পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে(Punjab Chief Minister Bhagwant Mann) বাথিণ্ডাৰ শ্বহীদ ভগত সিং ষ্টেডিয়ামত গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল । তেওঁ মঞ্চৰ পৰাই জনতাক সম্বোধন কৰি কয় যে আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱাল শুকুৰবাৰে অমৃতসৰত উপস্থিত হ'ব আৰু পাঞ্জাৱীসকলৰ বাবে ৪০০ খন মহল্লা ক্লিনিক মুকলি কৰিব । তেওঁ লগতে উল্লেখ কৰিছিল যে আপে মহল্লা ক্লিনিকৰ বাবে জনসাধাৰণৰ মাজত ব্যাপক সঁহাৰি লাভ কৰিছে ।

পঞ্জাৱত মুকলি কৰিব লগীয়া প্ৰতিটো মহল্লা ক্লিনিকত প্ৰায় ২৫ লাখ টকা খৰচ কৰা হৈছে বুলি জানিব পৰা গৈছে । পুৰণি ঔষধালয়, খালী অট্টালিকা বা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰবোৰ মহল্লা ক্লিনিকলৈ ৰূপান্তৰিত কৰা হৈছে । ২৫ লাখ টা ব্যয় পুৰণি ঔষধালয়, খালী অট্টালিকা বা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰবোৰৰ মেৰামতি, ৰং, ফল চিলিং, আচবাব আদিৰ পুনঃনিৰ্মাণৰ বাবে ব্যয় কৰা হৈছে বুলি এক চৰাকাৰী তথ্যত প্ৰকাশ পাইছে ।

ইয়াৰ পূৰ্বে, স্বাস্থ্য মন্ত্ৰী বলবীৰ সিঙেও(Punjab Health Minister Balbir Singh) দাবী কৰিছিল যে এতিয়ালৈকে আম আদমী ক্লিনিকৰ পৰা ১০ লাখৰো অধিক লোক উপকৃত হৈছে । তেওঁ লগতে কয় যে চিকিৎসাৰ সময়ত তিনি লাখৰো অধিক লোকক বিনামূলীয়া পৰীক্ষা আৰু বিনামূলীয়া ঔষধ প্ৰদান কৰা হৈছে । আপ চৰকাৰৰ প্ৰথম অগ্ৰাধিকাৰ হ'ল মানুহক শিক্ষা আৰু ঔষধৰ চাপৰ পৰা মুক্ত কৰা বুলিও মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী বলবীৰ সিঙে ।

উল্লেখ্য যে পঞ্জাৱত খোলা মহল্লা ক্লিনিকবোৰ অত্যাধুনিক প্ৰযুক্তিৰে ভৰপূৰ । ইয়াত ৰোগীৰ পঞ্জীয়ন, চিকিৎসকৰ পৰা ঔষধৰ তালিকা আৰু ফাৰ্মাচিষ্টৰ পৰা ঔষধ প্ৰাপ্ত কৰাৰ সকলো কাম টেবৰ জৰিয়তে কৰা হয় । বৰ্তমান এই ক্লিনিকবোৰে ১০০ প্ৰকাৰৰ ঔষধ আৰু ৪১ টা পৰীক্ষাগাৰত পৰীক্ষা কৰাৰ সুবিধা প্ৰদান কৰি আহিছে ।

লগতে পঢ়ক: Republic day celebrated in Tamilnadu: ৰাষ্ট্ৰীয় পতাকালৈ গান্ধীমতীৰ প্ৰণাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.