ETV Bharat / bharat

জম্মুৰ কেইবাটাও স্থানত দেখা গৈছে সন্দেহজনক ড্ৰোন - জেনেৰেল ৰাৱাট

বুধবাৰে মাজনিশা জম্মুত এটা ড্ৰোন দেখা পোৱাৰ ঠিক এদিন পিছতে শুকুৰবাৰে পুনৰ জম্মু-কাশ্মীৰৰ চাম্বা আৰু জম্মুৰ বিভিন্ন স্থানত চাৰিটা সন্দেহজনক ড্ৰোন দেখা গৈছে । শ্ৰীনগৰ, কুপৱাৰা, ৰাজৌৰী আৰু বাৰামুল্লাই আদি অঞ্চলত ড্ৰোন আৰু অন্যান্য একে ধৰণৰ মানৱবিহীন বিমান বাহন (UAV)ৰ সঞ্চয়, বিক্ৰী, যোগান, ব্যৱহাৰ আৰু পৰিবহনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে ।

4 suspected drones spotted
জম্মুৰ কেইবাটাও স্থানত দেখা গৈছে সন্দেহজনক ড্ৰোন
author img

By

Published : Jul 16, 2021, 1:53 PM IST

নেশ্যনেল ডেস্ক, ১৬ জুলাই : জম্মু-কাশ্মীৰত শেহতীয়াকৈ কেইবাটাও ড্ৰোন পৰিলক্ষিত হৈছে । পাকিস্তানী সন্ত্ৰাসবাদীয়ে এই ড্ৰোনৰ জৰিয়তে সেনাৰ গতিবিধি লক্ষ্য কৰাৰ লগতে বিভিন্ন ধৰণৰ কাৰ্যকলাপ কৰা দেখা গৈছে । অস্ত্ৰ শস্ত্ৰ সৰবৰাহকে ধৰি বিস্ফোৰণৰ বাবেও পাকিস্তানীয়ে ড্ৰোন ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে । যোৱা কেইটামান দিনত ড্ৰোনৰ কাৰ্যকলাপ যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে ।

ইতিমধ্যে জম্মু-কাশ্মীৰৰ কেইবাটাও স্থানত ড্ৰোনৰ জৰিয়তে বিস্ফোৰণ সংঘটিত কৰিছে সন্ত্ৰাসবাদীয়ে য'ত কিছু পৰিমাণে ক্ষতিৰ সন্মুখীন হৈছে ভাৰত । ইয়াৰ মাজতে বুধবাৰে মাজনিশা জম্মুত এটা ড্ৰোন দেখা পোৱাৰ ঠিক এদিন পিছতে, জম্মু-কাশ্মীৰৰ চাম্বা আৰু জম্মুৰ বিভিন্ন স্থানত চাৰিটা সন্দেহজনক ড্ৰোন দেখা গৈছে । অৱশ্যে এই ক্ষেত্ৰত এতিয়ালৈ প্ৰশাসনৰ ফালৰ পৰা সঠিক বিশ্লেষণ আগবঢ়োৱা নাই ।

জম্মুৰ বায়ু সেনা কেন্দ্ৰত (AIF) আক্ৰমণ কৰিবলৈ সন্ত্ৰাসবাদীয়ে সশস্ত্ৰ ড্ৰোন ব্যৱহাৰ কৰাৰ কেইদিনমান পিছতে শুকুৰবাৰে পুনৰ ড্ৰোন দেখাৰ লগে লগে এতিয়া সমগ্ৰ অঞ্চলতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ।

আনকি যোৱা কেইসপ্তাহমানত, কেন্দ্ৰীয় শাসিত অঞ্চলৰ আন কেইটামান অংশত ড্ৰোনৰ কাৰ্যকলাপ দেখা গৈছে । এই ঘটনাবোৰৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰীনগৰ, কুপৱাৰা, ৰাজৌৰী আৰু বাৰামুল্লাই আদি অঞ্চলত ড্ৰোন আৰু অন্যান্য একে ধৰণৰ মানৱবিহীন বিমান বাহন (UAV)ৰ সঞ্চয়, বিক্ৰী, যোগান, ব্যৱহাৰ আৰু পৰিবহনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে । ইফালে যোৱা মাহত সংঘটিত আক্ৰমণত বায়ু সেনা কেন্দ্ৰৰ সামান্য ক্ষতি হোৱা দেখা গৈছিল যাৰ বাবে এই ঘটনা ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই (National Investigative Agency) তদন্ত কৰি আছে । ইফালে এই ঘটনাবোৰ সন্দৰ্ভত শংকিত হৈ পৰিছে ভাৰতীয় সেনা শীৰ্ষ বিষয়াসকল ।

এনে পৰিস্থিতিৰ বুজ ল'বলৈ বুধবাৰে সন্ধিয়া CDS জেনেৰেল বিপিন ৰাৱাট জম্মুত উপস্থিত হৈছিল । জম্মুত উপস্থিত হৈ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে চিডিএছ জেনেৰেল ৰাৱাটে । ড্ৰোন আক্ৰমণৰ দৰে ঘটনাক গৰিহণা দিয়াৰ লগতে সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে । ড্ৰোনৰ জৰিয়তে ভাৰতলৈ অস্ত্ৰ সৰবৰাহকলৈও তেওঁ উদ্বেগ প্ৰকাশ কৰে ।

লগতে পঢ়ক:সীমান্ত পৰিস্থিতিৰ বুজ ল'বলৈ জম্মুত CDS জেনেৰেল ৰাৱাট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.