ETV Bharat / bharat

Blast in soap factory : গুদামত বোমা বিস্ফোৰণৰ ফলত নিহত 4, আহত 4

author img

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 2:23 PM IST

চাবোন আৰু ডিটাৰজেন্টৰ গুদামত বোমা বিস্ফোৰণৰ ঘটনা । 4 জন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে 4 জন লোক গুৰুতৰভাৱে আহত হয় । আহতসকলক চিকিৎসাৰ বাবে মিৰাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় । ঘটনাস্থলীত উপস্থিত জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু জিলা দণ্ডাধীশ ।

Blast in soap factory
গুদামত বোমা বিস্ফোৰণ ঘটি নিহত 4

নেশ্যনেল ডেস্ক, 17 অক্টোবৰ: উত্তৰ প্ৰদেশৰ মীৰাটত চাঞ্চল্যকৰ বোমা বিস্ফোৰণৰ ঘটনা । মঙলবাৰে পুৱা ইয়াৰ লোহীয়ানগৰ থানা এলেকাৰ এটা গুদামত হঠাৎ বিস্ফোৰণৰ ফলত সমগ্ৰ গুদামটো ধ্বংসস্তুপত পৰিণত হয় । এই দুৰ্ঘটনাত 4 জন লোকৰ থিতাতে মৃত্যু হয় । আনহাতে 4 জন লোক গুৰুতৰভাৱে আহত হয় । আৰক্ষীয়ে এই তথ্য লাভ কৰাৰ পিচতে আহতসকলক চিকিৎসাৰ বাবে মীৰাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱায় । লগতে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ।

Blast in soap factory
গুদামত বোমা বিস্ফোৰণ ঘটি নিহত 4

লোহিয়ানগৰ থানা এলেকাৰ এটি দুমহলীয়া গুদামত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ বোমা বিস্ফোৰণৰ ঘটনাটো । বিস্ফোৰণটোৰ প্ৰাবল্য ইমানেই উচ্চ আছিল যে ওচৰৰ বহু ঘৰ কঁপি উঠিছিল বুলি স্থানীয় লোকে জনায় । মৃত্যু হোৱা লোকসকলক বৰ্তমানেও চিনাক্ত কৰিব পৰা হোৱা নাই । বিস্ফোৰণৰ তথ্য লাভ কৰাৰ লগে লগে জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু জিলা দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হয় । বৰ্তমান ঘৰটোৰ ধ্বংসাৱশেষ আঁতৰোৱাৰ কাম চলি আছে । আৰক্ষীয়ে সংবাদ মাধ্যমকো ঘটনাস্থলীৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিছে ।

Blast in soap factory
গুদামত বোমা বিস্ফোৰণ ঘটি নিহত 4

ঘটনা সন্দৰ্ভত জিলা দণ্ডাধীশ দীপক মীনাই কয় যে লোহিয়ানগৰ থানা এলেকাত চাবোন আৰু ডিটাৰজেন্টৰ গুদাম আছে । তথ্য অনুসৰি গুদামত কিছু ৰাসায়নিক পদাৰ্থৰ বিক্ৰিয়া ঘটিছিল । যাৰ বাবে গুদামত বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল ।ঘটনাস্থলীত উপস্থিত হৈছে NDRF ৰ দল । বিস্ফোৰণটোৰ ফলত সমীপৰ ঘৰবোৰো ক্ষতিগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে । গুদামৰ কাষতে থকা এখন বিদ্যালয়ৰো যথেষ্ট ক্ষতিসাধন হৈছে ।

Blast in soap factory
গুদামত বোমা বিস্ফোৰণ ঘটি নিহত 4

গুদামটোৰ চাৰিওফালে চাবোনৰ টুকুৰা দেখিবলৈ পোৱা গৈছে । ইয়াৰ উপৰিও চাবোন বনোৱা মেচিনো দেখিবলৈ পোৱা গৈছে । তথ্য অনুসৰি ইয়াত কেৱল চাবোন বনোৱা আৰু পেকেজিং কৰা হৈছিল । অৱশ্যে ফটকা বনোৱাৰ কোনো প্ৰমাণ পোৱা নাই ।

লগতে পঢ়ক: Rahul Gandhi rides pillion on scooter: নিৰ্বাচনমুখী মিজোৰামৰ ৰাজপথত 'পিলিয়ন’ ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.