ETV Bharat / bharat

অন্ধ্ৰ প্ৰদেশত দুৰ্ঘটনাত চাৰিজনৰ মৃত্যু

author img

By

Published : Mar 29, 2021, 2:02 PM IST

সোমবাৰে পুৱা অন্ধ্ৰ প্ৰদেশত সংঘটিত হোৱা কৰুণ পথ দুৰ্ঘটনাত চালকসহ চাৰিজন লোকে প্ৰাণ হেৰুওৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় ।

অন্ধ্ৰ প্ৰদেশত থ দুৰ্ঘটনাত চালকসহ চাৰিজনৰ মৃত্যু

নেশ্যনেল ডেস্ক,২৯ মাৰ্চ: সোমবাৰে পুৱা অন্ধ্ৰ প্ৰদেশত সংঘটিত হয় কৰুণ পথ দুৰ্ঘটনা । ৰাজ্যখনৰ ৰাজ্যিক পথ পৰিবহণ নিগমৰ দুখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হোৱাত চালকসহ চাৰিজন লোকে প্ৰাণ হেৰুওৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় । চুংকাৰীপেটাৰ গাঁৱত যাত্ৰীবাহী বাছ দুখনৰ মুখামুখি সংঘৰ্য হোৱাৰ ফলতে সংঘটিত হয় পথ দুৰ্ঘটনাতো । ডাঠ কুঁৱলীৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে । এই দুৰ্ঘটনাত দুয়োখন বাছৰ চালকৰ মৃত্যু ঘটে ।

ইফালে আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । নিহত আৰু আহতসকলক বৰ্তমানেও চিনাক্তকৰণ কৰা হোৱা নাই । উল্লেখ্য যে, দুৰ্ঘটনাত পতিত বাছ এখনক পিছফালৰ পৰা এখন চিলিণ্ডাৰ ভৰ্তি বাহনে খুন্দিয়াইছিল ৷ কিন্তু সৌভাগ্যক্ৰমে ৰক্ষা পৰে চিলিণ্ডাৰ ভৰ্তি বাহনখন । ঘটনা সন্দৰ্ভত আৰক্ষীৰ প্ৰাথমিক তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক: কৰ্ণাটকত পথ দুৰ্ঘটনাত থিতাতে নিহত ২

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.