নেশ্যনেল ডেস্ক,13 মে’: বৃহস্পতিবাৰে তামিলনাডুৰ কুড্ডাল’ৰৰ এটা ৰাসায়নিক কাৰখানাত বয়লাৰ বিস্ফোৰিত হয় ৷ এই বিস্ফোৰণত নিহত হয় চাৰিজন শ্ৰমিক ৷
প্ৰাপ্ত তথ্য অনুসৰি, এক ডজনৰো অধিক লোক আহত হয় এই বিস্ফোৰণত ৷ তামিলনাডুৰ অগ্নি নিৰ্বাপক বাহিনী আৰু উদ্ধাৰ সেৱাৰ কৰ্মীসকলে উদ্ধাৰ অভিযান চলাই আছে ৷ ইফালে আহত সকলক কুড্ডাল’ৰৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷
লগতে পঢ়ক: উত্তৰাখণ্ডৰ কেঞ্চীধাম মন্দিৰৰ সমীপত ডাৱৰ বিস্ফোৰণ