তেজপুৰ, ২ নৱেম্বৰ: মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত বুধবাৰে এক বিশেষ অভিযানত আৰক্ষীয়ে ৩২ টা ম্যানমাৰৰ অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰে । আটকাধীন অনুপ্ৰৱেশকাৰীকেইটাৰ দহটাক অধিক সোধ-পোছৰ বাবে হেলিকপ্টাৰেৰে ইম্ফললৈ লৈ যোৱা হয় আৰু আন ২২ টা অনুপ্ৰৱেশকাৰীক ম’ৰেহ থানাত ৰখা হৈছে বুলি মণিপুৰ আৰক্ষীৰ এজন বিষয়াই জানিবলৈ দিয়ে ।
-
On 01.11.2023, during the search operations by security forces at Moreh, Tengnoupal district, 44 persons were detained by the security forces at Moreh, Tengnoupal district out of which 32(thirty-two) persons were found to be Myanmarese/Burmese. Further, 10(ten) Myanmarese…
— Manipur Police (@manipur_police) November 2, 2023 " class="align-text-top noRightClick twitterSection" data="
">On 01.11.2023, during the search operations by security forces at Moreh, Tengnoupal district, 44 persons were detained by the security forces at Moreh, Tengnoupal district out of which 32(thirty-two) persons were found to be Myanmarese/Burmese. Further, 10(ten) Myanmarese…
— Manipur Police (@manipur_police) November 2, 2023On 01.11.2023, during the search operations by security forces at Moreh, Tengnoupal district, 44 persons were detained by the security forces at Moreh, Tengnoupal district out of which 32(thirty-two) persons were found to be Myanmarese/Burmese. Further, 10(ten) Myanmarese…
— Manipur Police (@manipur_police) November 2, 2023
মণিপুৰ আৰক্ষীৰ সূত্ৰত প্ৰকাশ পোৱা মতে, মণিপুৰৰ সীমান্তৱৰ্তী চহৰ ম’ৰেহত এজন আৰক্ষী বিষয়াক গুলীয়াই হত্যা কৰাৰ পিচত বুধবাৰে পুৱা এটা যৌথ নিৰাপত্তা দলে ৰাজ্যখনত অভিযান আৰম্ভ কৰি প্ৰায় ৩২ টা ম্যানমাৰৰ অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে, মঙলবাৰে পুৱা ম‘ৰেহত এখন হেলিপেড চাফাই কাম চোৱাচিতা কৰি থকাৰ সময়তে মহকুমা আৰক্ষী বিষয়া (ম’ৰেহ) চিংথাম আনন্দ কুমাৰক আপাত দৃষ্টিত স্নাইপাৰে গুলীয়াই হত্যা কৰে ।
এই ঘটনাৰ পিচতেই দিনৰ প্ৰায় ২ বজাত মণিপুৰ আৰক্ষীৰ এটা দল ম’ৰেহত উপস্থিত হয় আৰু এঘণ্টাৰ পাচত কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ সৈতে ম’ৰেহ মৰ্ণিং মাৰ্কেট কলনী আৰু কাষৰীয়া অঞ্চলসমূহত অভিযান আৰম্ভ কৰে । বিশেষ আৰক্ষী কমাণ্ডো, ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়ন, আছাম ৰাইফলছকে ধৰি যুটীয়া নিৰাপত্তাৰক্ষী দলটোৱে ইটোৰ পিছত সিটোকৈ অভিযান চলোৱা সময়ত প্ৰায় ৪৪ জন কুকিক আটক কৰে ।
মণিপুৰ আৰক্ষীৰ সূত্ৰটোৱে প্ৰকাশ কৰা মতে, পৰীক্ষণৰ সময়ত নিৰাপত্তাৰক্ষীৰ দলটোৱে কোনো বৈধ কাগজ-পত্ৰ নোহোৱাকৈ ম’ৰেহত প্ৰৱেশ কৰা ৩২ জন ম্যানমাৰৰ নাগৰিকক ধৰা পেলায় । নিৰাপত্তাৰক্ষীৰ দলটোৱে আটকাধীন ম্যানমাৰৰ অনুপ্ৰৱেশকাৰীকেইটাৰ দহটাক অধিক সোধা-পোছাৰ বাবে হেলিকপ্টাৰৰে ইম্ফললৈ লৈ যায় ৷ বৰ্তমান ইম্ফল পূৱ জিলাৰ সাজিৱা অঞ্চলৰ বিদেশী ডিটেনচন চেণ্টাৰত অনুপ্ৰৱেশকাৰীকেইটাক ৰখা হৈছে বুলি আৰক্ষীৰ সূত্ৰটোৱে জানিবলৈ দিয়ে ৷ আৰক্ষীৰ সূত্ৰটোৱে অনুপ্ৰৱেশকাৰীকেইটাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: Manipur crisis: অবৈধ অনুপ্ৰৱেশকাৰীক ধৰা Explosion at warehouse: ভাৰত-নেপাল সীমান্তৰ গুদামত বিস্ফোৰণত 2 জন নিহত, আহত 4