ETV Bharat / bharat

কৰ্ণাটকৰ ৩ টা উপ-নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াব ৩০ জন প্ৰাৰ্থীয়ে - Karnataka

বিজেপিয়ে প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী সুৰেশ আংদিৰ পত্নীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপিত কৰিছে ৷ ২০২০ চনৰ ২৩ ছেপ্টেম্বৰত ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল সুৰেশ আংদিৰ ৷ ফলত বেলগাঁও সংসদীয় সমষ্টিৰ পদ খালী হৈ পৰিছিল ৷

কৰ্ণাটকৰ ৩ টা উপ-নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াব ৩০ জন প্ৰাৰ্থীয়ে

author img

By

Published : Apr 5, 2021, 2:10 PM IST

নেশ্যনেল ডেস্ক, 5 এপ্ৰিল: কৰ্ণাটকত এতিয়া বলিছে নিৰ্বাচনৰ গৰম বতাহ ৷ শাসকীয় বিজেপি দল আৰু বিৰোধী কংগ্ৰেছ আৰু জে ডি (এছ)য়ে এটা লোকসভা আৰু দুটা বিধানসভা উপ-নিৰ্বাচনৰ বাবে ৩০ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । অহা ১৭ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব বুলি দেওবাৰে এজন নিৰ্বাচনী বিষয়াই অৱগত কৰে ৷

নিৰ্বাচনী বিষয়াই উল্লেখ কৰা অনুসৰি, শনিবাৰে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখৰ পিছতে বেলগাঁও লোকসভা আসনৰ বাবে ১০ জন, বাসৱ কল্যাণৰ বাবে ১২ জন আৰু বিদাৰ আৰু ৰাইচুৰ জিলাৰ মাস্কি (সংৰক্ষিত) বিধানসভা আসনৰ বাবে ১০ জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে । তিনিটা উপ-নিৰ্বাচনৰ বাবে ৩০ জন প্ৰাৰ্থীৰ ভিতৰত ২৬ জন পুৰুষ আৰু চাৰিগৰাকী মহিলা, আনহাতে ১৪ জন স্বতন্ত্ৰ প্ৰাৰ্থী আছে বুলি জানিব পৰা গৈছে ।

বিজেপিয়ে প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী সুৰেশ আংদিৰ পত্নীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপিত কৰিছে ৷ উল্লখ্যে যে, ২০২০ চনৰ ২৩ ছেপ্টেম্বৰত ক'ভিড 19ত আকস্মিকভাৱে মৃত্যু হৈছিল সুৰেশ আংদিৰ আৰু তেখেতৰ মৃত্যুৰ বাবে বেলগাঁও সংসদীয় সমষ্টিৰ পদ খালী হৈছিল । আংদিয়ে ২০০৪ চনৰ পৰা একেৰাহে চতুৰ্থবাৰৰ বাবে ৰাজ্যৰ উত্তৰ-পশ্চিম অঞ্চলত এটা হাই প্ৰফাইল আসন দখল কৰি আহিছিল ।

কংগ্ৰেছে ইয়াৰ ৰাজ্যিক ইউনিটৰ কাৰ্যবাহী অধ্যক্ষ সতীশ জাৰ্কিহোলিৰ বিৰুদ্ধে নিৰ্বাচন খেলিব । ৫৮ বছৰীয়া অধ্যক্ষ গৰাকী হৈছে ৰাজ্যৰ সীমান্ত জিলাৰ ইয়ামকানমাৰ্ডি বিধানসভা সমষ্টিৰ কংগ্ৰেছ বিধায়ক ।

অন্য এক খবৰৰ বাবে: ছট্টিশগড়ৰ নক্সাল বিৰোধী অভিযান অসম্পূৰ্ণভাৱে ডিজাইন কৰা হৈছিল : ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.