ETV Bharat / bharat

মধ্য প্ৰদেশৰ কোৱেৰেণ্টেইন কেন্দ্ৰত অগ্নিকাণ্ড, নিহত ৩ - কোৱেৰেণ্টেইন কেন্দ্ৰ

মধ্য প্ৰদেশৰ উজ্জয়িনীৰ পতিদাৰ চিকিৎসালয়ৰ এটা কোৱাৰেণ্টাইন কেন্দ্ৰত সংঘটিত হোৱা অগ্নিকাণ্ডত তিনিগৰাকী ৰোগী জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয় ।

মধ্য প্ৰদেশৰ কোৱেৰেণ্টেইন কেন্দ্ৰত অগ্নিকাণ্ডঃ নিহত ৩

author img

By

Published : Apr 4, 2021, 5:08 PM IST

নেশ্যনেল ডেস্ক, ৪ এপ্ৰিল: দেশত বৰ্তমানেও অব্যাহত আছে কৰ'ণাৰ সংক্ৰমণ । ইয়াৰ মাজতে মধ্য প্ৰদেশৰ উজ্জয়িনীৰ পতিদাৰ চিকিৎসালয়ৰ এটা কোৱাৰেণ্টাইন কেন্দ্ৰত অঘটন । দেওবাৰে উক্ত কোৱাৰেণ্টাইন কেন্দ্ৰটোত সংঘটিত হয় এক বিধ্বাংসী অগ্নিকাণ্ড । ফলত তিনিগৰাকীকৈ ৰোগী জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে ।

ঘটনাতো সংঘটিত হোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ পাঁচখন গাড়ী দুৰ্ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে । ইফালে, চিকিৎসালয়ত ভৰ্তি অন্য ৰোগীসকলক ওচৰৰে এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় ।

অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই । ঘটনাস্থলীত আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:পশ্চিমবংগৰ তিনি আৰক্ষী বিষয়াক বদলীকৰণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.