ETV Bharat / bharat

মিজোৰামত পুনৰ ৩ গৰাকী আক্ৰান্ত কৰ'ণাত - ১৩২৫ টা নমুনা পৰীক্ষা কৰা হয় তাৰ ভিতৰত ৩ গৰাকী লোক

২১ জানুৱাৰীত মিজোৰামত মুঠ ১৩২৫ টা নমুনা পৰীক্ষা কৰা হয় তাৰ ভিতৰত ৩ গৰাকী লোক ক'ভিড-১৯ত আক্ৰান্ত হৈছে । ২২ জানুৱাৰীৰ দিনটোত ৬ জন লোক আৰোগ্য হৈ উঠাৰ লগতে এতিয়া ৰাজ্যখনত ৫৮ টা সক্ৰিয় ঘটনা আছে ।

মিজোৰামত পুনৰ ৩ গৰাকী আক্ৰান্ত কৰ'ণাত
মিজোৰামত পুনৰ ৩ গৰাকী আক্ৰান্ত কৰ'ণাত
author img

By

Published : Jan 22, 2021, 8:28 PM IST

নিউজ ডেস্ক , ২২ জানুৱাৰী : কৰ'ণা প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াৰ মাজতে মিজোৰামত অব্যাহত আছে মহামাৰীৰ সংক্ৰমণ । ২১ জানুৱাৰীৰ দিনটোত নতুনকৈ ৩ গৰাকী লোক ক'ভিড-১৯ত আক্ৰান্ত হৈছে । জোৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰ টি-পিচিআৰ গৱেষণাগাৰত পৰীক্ষা কৰা ৮৭ টা নমুনাৰ ভিতৰত এগৰাকী ২৩ বছৰীয়া যুৱতীৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ।

মিজোৰামত পুনৰ ৩ গৰাকী আক্ৰান্ত কৰ'ণাত
মিজোৰামত পুনৰ ৩ গৰাকী আক্ৰান্ত কৰ'ণাত

আনহাতে, ট্ৰু নেট লেবৰেট'ৰিত পৰীক্ষা কৰা ২০৫ জন লোকৰ নমুনাৰ ভিতৰত এজনো লোক আক্ৰান্ত হোৱা নাই ক'ভিড-১৯ত । ৰেপিড এণ্টিজেন টেষ্ট কিটৰ জৰিয়তে কৰা পৰীক্ষাত ১০৩৩ জনৰ ভিতৰত ২ গৰাকী লোকৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ।

২১ জানুৱাৰীত মিজোৰামত মুঠ ১৩২৫ টা নমুনা পৰীক্ষা কৰা হয় আৰু তাৰ ভিতৰত আক্ৰান্তৰ হাৰ ০.১৫ শতাংশ । বৰ্তমানলৈকে ৰাজ্যখনত ১৯ লাখ লোকৰ নমুনা পৰীক্ষা কৰা হৈছে । ইয়াৰ ভিতৰত মুঠ আক্ৰান্তৰ হাৰ ২.১৮ শতাংশ ।

২২ জানুৱাৰীৰ দিনটোত ৬ জন লোক আৰোগ্য হৈ উঠাৰ লগতে এতিয়া ৰাজ্যখনত ৫৮ টা সক্ৰিয় ঘটনা আছে । বৰ্তমানলৈকে মিজোৰামত ৯ জন লোকে মহামাৰীত প্ৰাণ হেৰুৱাইছে আৰু মুঠ ৪,২৮২ জন বৰ্তমানলৈ সুস্থ হৈ উঠিছে ।

লগতে পঢ়ক :চ’লাৰ ড্ৰায়াৰ,ইলেক্ট্ৰিকেল স্ম’কাৰ উদ্ভাৱন ডাউন টাউন বিশ্ববিদ্যালয় আৰু নেৰামেকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.