নিউজ ডেস্ক,8 ফেব্ৰুৱাৰী: দেওবাৰে ওড়িশাৰ কেওনঝাৰত অবৈধভাৱে বাঘৰ ছাল আৰু হাতীৰ দাঁত কঢ়িওৱা তিনিজনকৈ লোকক আটক কৰে বিশেষ টাস্ক ফ’ৰ্চে ৷ এই সৰবৰাহৰ তথ্য লাভ কৰাৰ পিছতে বিশেষ টাস্ক ফ’ৰ্চৰ দলে আৰটিও কাৰ্যালয়ৰ সমীপত অভিযান চলায় ৷ এই অভিযানকালত দুটাকৈ হাতীৰ দাঁত আৰু বাঘৰ ছালৰ সৈতে তিনিজন লোকক আটক কৰা হয় ৷ আটকাধীন লোককেইজন ক্ৰমে শ্বেখ হাচমতী আলী, চন্দ্ৰকান্ত ঢাল আৰু মলয়া কুমাৰ ৰাউট বুলি চিনাক্ত কৰা হৈছে ৷ জব্দ কৃত সামগ্ৰীখিনি ৰাসায়নিক পৰীক্ষাৰ বাবে ডেৰাডুনৰ ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানলৈ পঠিওৱা হয় বুলি এক চৰকাৰী বিবৃতিত প্ৰকাশ পাইছে ৷
ওড়িশাত হাতী দাঁতসহ আটক তিনি যুৱক - ওড়িশাত হাতী দাঁতসহ আটক তিনি যুৱক
বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত দেওবাৰে ওড়িশাৰ কেওনঝাৰত অবৈধভাৱে বাঘৰ ছাল আৰু হাতীৰ দাঁত কঢ়িওৱা তিনিজনকৈ লোকক আটক কৰা হয় ৷