নেশ্যনেল ডেস্ক, ২৬ এপ্ৰিল : এফালে দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ, আনফালে চলিছে মহামাৰীৰ প্ৰতিষেধকৰ ক'লা বেহা । ৰেমডেচিবিৰ বেজীৰ অবৈধ ব্যৱসায় চলোৱাৰ অভিযোগত দিল্লী আৰক্ষীয়ে তিনিজনকৈ লোকক গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ কৰা লোককেইজনৰ পৰা ৰেমডেচিবিৰ সাতটাকৈ ভাইল জব্দ কৰিছে । আটাইকেইজনকে দিল্লীৰ দৰিয়াগঞ্জ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে । তিনিওজনৰ বিৰুদ্ধে দৰিয়াগঞ্জ থানাত গোচৰ ৰুজু কৰা হৈছে ।
ধৃত তিনিওজনে ৰেমডেচিবিৰ প্ৰতিটো বেজী অবৈধভাৱে ৭০,০০০ টকাত বিক্ৰী কৰি আছিল । লোককেইজন ক্ৰমে লিখিত গুপ্তা, অৰ্জুন জৈন আৰু আকাশ বাৰ্মা বুলি চিনাক্ত কৰা হৈছে । ধৃত লিখিত গুপ্তা আৰু অৰ্জুন জৈনে দিল্লীৰ চান্দনী চ'কৰ দৰিয়াগঞ্জত ঔষধৰ দোকানত অবৈধভাৱে ৰেমডেচিবিৰ ব্যৱসায় চলাই আহিছিল । আনহাতে, আকাশ বাৰ্মা পেছাত এজন সোণাৰী ।
দিল্লীৰ আৰক্ষী আয়ুক্ত এছ এন শ্ৰীবাস্তৱে ইতিমধ্যে স্পষ্ট কৰি দিছে যে ৰেমডেচিবিৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলক কোনোপধ্যে এৰি দিয়া নহ'ব । ৰেমডেচিবিৰ অবৈধ ব্যৱসায় উৎখাত কৰিবলৈ দিল্লী আৰক্ষীয়ে ১৫ খন জিলাত আৰক্ষী মোতায়েন কৰিছে আৰু অপৰাধ শাখাৰ সৈতেও যোগাযোগ কৰিছে ।
লগতে পঢ়ক: ৰেমদেচিভিৰ বেজী বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুই চিকিৎসাকৰ্মী