নেশ্যনেল ডেস্ক, ২৫ নৱেম্বৰ : নিৰ্বাচনকেন্দ্ৰিক কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাচত আজি ত্ৰিপুৰাত অনুষ্ঠিত হৈছে পৌৰ নিগমৰ নিৰ্বাচন(Civic body polls in Tripura) । বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া(Tripura Civic body polls voting underway) । ১৪ খন নগৰীয়া স্থানীয় সংস্থাৰ ২২২ খন আসনৰ বাবে হোৱা ভোটগ্ৰহণ(Municipal corporation polls in Tripura)ত দুপৰীয়া ১ বজা পৰ্যন্ত ২৮ শতাংশ ভোটদান(Percentage of votes castes in Tripura) সম্পন্ন হৈছে ।
ৰাজ্যখনৰ ২০ খন নাগৰিক সংস্থাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে । ইফালে, নিৰ্বাচনৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে । ৰাজ্যিক নিৰ্বাচন আয়োগৰ এজন বিষয়াই জানিবলৈ দিয়া মতে, আটাইকেইখন নগৰীয়া স্থানীয় সংস্থাক ধৰি দিনৰ ১ বজালৈকে প্ৰায় ৪৩.৫৩ শতাংশ ভোটদান সম্পন্ন হৈছে(Tripura Civic body polls voting underway) ।
এতিয়ালৈকে কোনো ভোটকেন্দ্ৰত ই ভি এম বিজুতি হোৱা নাই বুলিও তেওঁ মন্তব্য । লগতে এতিয়ালৈকে হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰো লাভ কৰা নাই বুলি বিষয়াগৰাকীয়ে জনায় । ৰাজ্যখনৰ নিৰ্বাচন আয়োগে হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই বুলি জনাইছে যদিও বিৰোধী দল চি পি আই এম আৰু তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে অভিযোগ উত্থাপন কৰিছে যে, বিজেপি সমৰ্থিত গুণ্ডা বাহিনীয়ে কেইবাটাও স্থানত তেওঁলোকৰ দলীয় কৰ্মীক আক্ৰমণ কৰিছে ।
লগতে বলপূৰ্বকভাৱে ভোটকেন্দ্ৰ দখল কৰি বুথ এজেণ্টসকলক প্ৰৱেশত বাধা দিয়াৰো অভিযোগ তুলিছে চি পি আই এম আৰু তৃণমূল কংগ্ৰেছে । আনহাতে, ত্ৰিপুৰা আৰক্ষীয়ে জনাইছে যে, সুৰক্ষাজনিত সকলো ব্যৱস্থা লোৱা হৈছে আৰু লগতে আইন-শৃংখলা বজাই ৰখাৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে ।
লগতে পঢ়ক:municipal corporation polls in Tripura : শান্তিপূৰ্ণভাৱে অব্যাহত ভোটদান