নেশ্যনেল ডেস্ক, 26 জুলাই : বিষাক্ত সুৰা সেৱনৰ ফলত গুজৰাটত 28 জন লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে(28 people feared dead due to illicit liquor in Gujarat) ৷ আটাইকেইজনে সুৰা সেৱনৰ পাৰ্শ্বক্ৰিয়াত ভুগি থকাৰ পিছত ভৱনগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় । চিকিৎসালয়খনত ভৰ্তি হোৱা ৪৭ জন লোকৰ ভিতৰত চিকিৎসাধীন অৱস্থাত থকা প্ৰায় 28 জনৰে মৃত্যু বিষাক্ত সুৰা সেৱণৰ ফলত হোৱা বুলি চিকিৎসালয় কৰ্তৃপক্ষই নিশ্চিত কৰিছে ।
ঘটনা সন্দৰ্ভত ইতিমধ্যে সন্ত্ৰাসবাদ বিৰোধী দলে আৰম্ভ কৰিছে তদন্ত (Anti-Terrorism Squad taken up the investigation) ৷ আই জি অশোক যাদৱে তদন্তকাৰী গোট গঠন কৰি দি ঘটনাটোৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে ৷
ভৱনগৰৰ বাহিৰেও ধনধুকা, ভৱনগৰ আৰু বোটাডকে ধৰি দাঁতিকাষৰীয়া আন কেইবাটাও অঞ্চলত বিগত সময়ছোৱাত বিষাক্ত সুৰাৰ বাবে ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে মৃত্যুৰ সংখ্যাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে(Gujarat hooch tragedy) ৷
তদুপৰি বিগত কেইমাহমানৰ পৰা ৰাজ্যখনত অবৈধ সুৰাৰ বিষয়টো বিতৰ্কিত হৈ পৰাৰ লগতে ই ৰাজনৈতিক বিতৰ্কৰো সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক: Foreign liquor seized in Barpeta: অবৈধ সুৰাৰ সৈতে আটক সুৰা ব্যৱসায়ী