ETV Bharat / bharat

উত্তৰাখণ্ডত বিগত 3 বছৰত গো হত্যাৰে জড়িত 277 জনক আটক

author img

By

Published : Jan 2, 2021, 10:02 AM IST

2017 চনৰ 21 অক্টোৱৰত উত্তৰাখণ্ড চৰকাৰে ৰাজ্যখনত চলি থকা অবৈধ গৰু সৰৱৰাহ আৰু গো হত্যাৰ ওপৰত নজৰ ৰখাৰ বাবে এটি দল গঠন কৰিছিল ৷ এই দলটোক ‘গো সুৰক্ষা দল’ নামেৰে নামাকৰণ কৰা হয় ৷ উত্তৰাখণ্ডত গৰুৰ বংশ সুৰক্ষা আইন, 2007ৰ অধীনত গো হত্যা আৰু সৰৱৰাহ সম্পূৰ্ণৰূপে বন্ধ ৷

277 held for cow slaughter in last 3 years in Uttarakhand
উত্তৰাখণ্ডত বিগত 3 বছৰত গো হত্যাৰে জড়িত 277 জন লোকক আটক

স্পৰ্টছ ডেস্ক,2 জানুৱাৰী: উত্তৰাখণ্ডৰ গো সুৰক্ষা দলৰ দ্বাৰা 2017 চনৰ পৰা বৰ্তমানলৈকে গৰুৰ চোৰাং সৰৱৰাহ আৰু হত্যাৰে জড়িত 277 জনকৈ লোকক আটক কৰাৰ লগতে 171 জন লোকৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ ৷ শুকুৰবাৰে এই তথ্য সদৰি কৰিছে উত্তৰাখণ্ড আৰক্ষীয়ে ৷ উত্তৰাখণ্ড আৰক্ষীয়ে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি আটক কৰা 277 জন লোকৰ 176 জন লোকক গো সৰক্ষা দলৰ কুমাও ইউনিটৰ দ্বাৰা আৰু 101 জনক ঘৰৱাল ইউনিটৰ দ্বাৰা আটক কৰা হৈছে ৷

উত্তৰাখণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান অশোক কুমাৰে শুকুৰবাৰে এক ভিডিঅ’ কনফাৰেঞ্চযোগে গো সুৰক্ষা দলৰ কামসমূহ নিৰীক্ষণ কৰে ৷ এই দলসমূহ ঘৰৱাল আৰু কুমাও ৰেঞ্জ হেডৰ নিৰীক্ষণত পৰিচালিত হয় ৷

ইয়াৰ উপৰিও আৰক্ষী সঞ্চালক প্ৰধান অশোক কুমাৰে বিষয়াসকলক এই দলসমূহৰ কাম-কাজসমূহ প্ৰতিমাহে পৰ্যালোচনা কৰিবলৈ আহ্বান জনায় ৷ বিষয়াসকলক ৰাজ্যখনৰ প্ৰতিখন জিলাতে থকা বৈধ আৰু অবৈধ কচাইখানাসমূহৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে যাতে অবৈধ গৰু সৰৱৰাহ আৰু গো হত্যাৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰি ৷

উল্লেখ্য যে, 2017 চনৰ 21 অক্টোৱৰত উত্তৰাখণ্ড চৰকাৰে ৰাজ্যখনত চলি থকা অবৈধ গৰু সৰৱৰাহ আৰু গো হত্যাৰ ওপৰত নজৰ ৰখাৰ বাবে এটা দল গঠন কৰিছিল ৷ এই দলটোক ‘গো সুৰক্ষা দল’ নামেৰে নামাকৰণ কৰা হয় ৷ উত্তৰাখণ্ডত ‘উত্তৰাখণ্ড গৰু বংশ সৰুক্ষা আইন 2007’ৰ অধীনত গো হত্যা আৰু সৰৱৰাহ সম্পূৰ্ণৰূপে বন্ধ ৷

লগতে পঢ়ক-সম্পূৰ্ণ হোৱাৰ দিশে তাজমহলৰ মেৰামতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.