ETV Bharat / bharat

পশ্চিমবংগত ভয়ংকৰ বজ্ৰপাত - PMNRF

পশ্চিমবংগৰ বিভিন্ন প্ৰান্তত বজ্ৰপাতত ফলত 27 জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ নিহত পৰিয়ালক 2 লাখ টকাৰ সাহাৰ্য প্ৰদানৰ লগতে সমবেদনা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

27 killed in lightning in West Bengal
পশ্চিমবংগত বজ্ৰপাতৰ ফলত 27 জনৰ মৃত্যু
author img

By

Published : Jun 8, 2021, 10:53 PM IST

নেচনেল ডেক্স, 8 জুন : পশ্চিম বংগৰ বিভিন্ন ঠাইত বজ্ৰপাতৰ ফলত মুঠ ২৭ জন লোকৰ মৃত্যু হয় ৷ নিহত সকলৰ ভিতৰত আছে হুগলী জিলাৰ ১১ জন, বাংকুৰাৰ মুৰ্শিদাবাদত ৯ জন, পূৱ মেদিনীপুৰ আৰু পশ্চিম মেদিনীপুৰত দুজনকৈ আৰু নাদিয়াত এজন লোক ৷ পশ্চিম বংগৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা (State Disaster Management) কৰ্তৃপক্ষই জনোৱা মতে মুৰ্ছিদাবাদকে ধৰি ৰাজ্যখনৰ তিনিখন দক্ষিণ জিলাত বজ্ৰপাতৰ ফলত ২০ জন লোক নিহত হয় ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)য়ে পশ্চিম বংগৰ বিভিন্ন প্ৰান্তত বজ্ৰপাতৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে আৰু নিহত সকলৰ আত্মীয়ৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহাৰ্য পুঁজিৰ (PMNRF) পৰা ২ লাখ টকাৰ অনুদান আগবঢ়ায় ।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগৰ বিভিন্ন প্ৰান্তত বজ্ৰপাতৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মীয়ৰ বাবে পিএমএনআৰএফ (PMNRF)ৰ পৰা ২ লাখ টকাৰ অনুদান আগবঢ়াব । আহতসকলক 50,000 টকা দিয়া হ'ব টুইটাৰত প্ৰকাশ কৰে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah)ও এই দুৰ্ঘটনাটোৰ বাবে আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে । পশ্চিম বংগৰ বিভিন্ন প্ৰান্তত বজ্ৰপাতৰ ফলত প্ৰাণ হেৰুওৱাটো গভীৰভাৱে দুখজনক। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ পৰিয়াললৈ মোৰ সমবেদনা । আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো বুলি টুইট কৰে গৃহমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক : অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতিত বন বিভাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.