ETV Bharat / bharat

ত্ৰিপুৰাত ডেংগীত আক্ৰান্ত 255 জন

author img

By

Published : Nov 10, 2021, 10:12 PM IST

বিগত 5 বছৰৰ তুলনাত চলিত বৰ্ষত ত্ৰিপুৰাত বৃদ্ধি পাইছে ডেংগীত আক্ৰান্ত হোৱা লোকৰ সংখ্যা । ত্ৰিপুৰাৰ গোমতী, চেপাহিজালা, উনাকোটি, দক্ষিণ আৰু উত্তৰ জিলাত আক্ৰান্ত হৈছে সৰ্বাধিক লোক ৷

255-cases-of-dengue-detected-in-tripura
ত্ৰিপুৰাত ডেংগীত আক্ৰান্ত 255 জন

ত্ৰিপুৰা, 10 নৱেম্বৰ : ত্ৰিপুৰাত ক্ৰমাগতভাবে বৃদ্ধি পাইছে ডেংগুত আক্ৰান্ত লোকৰ সংখ্যা ৷ ৰাজ্যখনৰ আঠখন জিলাৰ ভিতৰত ছয়খন জিলাত প্ৰায় ২৫৫ টা ডেংগুৰ ঘটনা ধৰা পৰিছে ৷ ইয়াৰে ৭৩ জন লোক সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । ত্ৰিপুৰাৰ ৰোগ নিৰীক্ষণ বিষয়া ড৹ দীপ কুমাৰ দেৱবাৰ্মাই বুধবাৰে সন্ধিয়া এক সংবাদমেলত সদৰি কৰে এই তথ্য ৷

ড৹ দীপ কুমাৰ দেৱবাৰ্মাই সংবাদমেলত উল্লেখ কৰা অনুসৰি ৰাজ্যখনত চলিত বৰ্ষত ডেংগু ৰোগীৰ ঘটনা ২০১৭ চনৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে । ২০১৭ চনত ডেংগুৰ ঘটনা আছিল ১২৭টা , ২০১৮ চনত ১০০ টা, ২০১৯ চনত ১০৯ টা আৰু ২০২০ চনত ২৪ টা ৷ কিন্তু চলিত বৰ্ষত ৰাজ্যখনত ডেংগীত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ২৫৫ টা ৷ আনহাতে আক্ৰান্ত সকলৰ সৰ্বাধিক লোক ত্ৰিপুৰাৰ গোমতী, চেপাহিজালা, উনাকোটি, দক্ষিণ আৰু উত্তৰ জিলাত ধৰা পৰিছে ৷

তেওঁ লগতে কয় যে, বিগত 9 দিনত ৰাজ্যখনত ১৬১ টা ঘটনা ধৰা পৰিছে ৷ ইয়াৰে গোমতীত ৭৬ টা, উনাকোটি জিলাত ৫৬ টা, চেপাহিজালাত ২৭ টা, দক্ষিণ আৰু উত্তৰ জিলাত ১ টাকৈ ঘটনা সংঘটিত হৈছে ৷ ত্ৰিপুৰাৰ ৰোগ নিৰীক্ষণ বিষয়াগৰাকীয়ে আনাগত দিনত ডেংগুৰ ঘটনাৰ বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছে ৷ কাৰণ স্বাস্থ্য বিভাগে ৰাজ্যখনত ডেংগীৰ পৰীক্ষা তীব্ৰতৰ কৰি তুলিছে আৰু ইয়াৰ লগতে ফগিঙৰ ব্যৱস্থাও আৰম্ভ কৰিছে। অৱশ্যে ৰাজ্যখনত এতিয়ালৈকে ডেংগীত আক্ৰান্ত হোৱা কোনো লোকৰ মৃত্যু হোৱা নাই বুলি ড৹ দীপ কুমাৰ দেৱবাৰ্মাই সংবাদমেলত সদৰি কৰে ৷

লগতে পঢ়ক : ত্ৰিপুৰাত নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে ২০ খনকৈ এজাহাৰ CPI(M)ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.