ETV Bharat / bharat

আন্দোলনৰ পৰা উভতি আহি বিহপান কৰি আত্মহত্যা কৃষকৰ - পঞ্জাৱৰ ভাটিন্দা

25 দিনত ভৰি দিয়া কৃষক আন্দোলন এতিয়াও শাম কটা নাই ৷ এনে অৱস্থাত কৃষক আন্দোলনৰ পৰা উভটি আহি নিজ গৃহত আত্মহত্যা কৰে এগৰাকী 22 বছৰীয়া যুৱ কৃষকে ৷

আন্দোলনৰ পৰা উভটি আহি বিষপান কৰি আত্মহত্যা কৃষকৰ

author img

By

Published : Dec 20, 2020, 10:01 PM IST

নিউজ ডেস্ক, 20 ডিচেম্বৰ : কেন্দ্ৰই প্ৰৱৰ্তন কৰা তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ আন্দোলন অব্যাহত আছে ৷ বৰ্তমানে এই আন্দোলনে 25 দিন অতিক্ৰম কৰিছে ৷ কিন্তু শেহতীয়াকৈ কৃষক আন্দোলনৰ পৰা উভটি অহা এগৰাকী যুৱ কৃষকৰ আত্মহত্যাই আন্দোলনৰ সমান্তৰালকৈ সংবাদ শীৰ্ষ দখল কৰিছে ৷

ঘটনাটো সংঘটিত হৈছে পঞ্জাৱৰ ভাটিন্দা জিলাত ৷ জিলাখনৰ ৰামপুৰা ফুল অঞ্চলৰ দয়ালপুৰা মিৰ্জা নামৰ গাঁওখনৰ গুৰলাভ সিং নামৰ 22 বৰ্ষীয় যুৱ কৃষকে বিহপান কৰি আত্মহত্যা কৰে ৷ ঘটনাৰ বিষয়ে জানিব পৰা পৰিয়ালৰ লোকে তেওঁক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷ মাত্ৰ দুদিন পূৰ্বে কৃষক আন্দোলনৰ পৰা ঘৰলৈ উভটি আহিছিল গুৰলাভ সিং ৷

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, মৃত কৃষক গুৰলাভ সিঙৰ আছিল 6.5 লাখ টকাৰ ঋণ ৷

লগতে পঢ়ক : বিপদৰ পৰা উদ্ধাৰ পাবলৈ হাগ্ৰামাই স্ব-বিৰোধী মন্তব্য কৰিছে : বিশ্বজিৎ দৈমাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.