ETV Bharat / bharat

Kargil Vijay Diwas ৰ 22 বছৰ: পাক সেনাৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক জয় - kargil war

1999 চনৰ মে'ৰ পৰা জুলাই পৰ্যন্ত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা(Line of Actual Control)ৰ সমীপত কাশ্মীৰৰ কাৰ্গিল অঞ্চলত কাৰ্গিল যুদ্ধ আৰম্ভ হৈছিল ৷ প্ৰায় 60 দিনযোৰা যুদ্ধৰ অন্তত পাকিস্তানী সেনাক পৰাভূত কৰি ভাৰতীয় সেনাই কাৰ্গিলৰ উচ্চ শিখৰত বিজয়ধ্বজা উৰুৱাইছিল । সেই সময়ৰ পৰাই ভাৰতত ২৬ জুলাইৰ দিনটো কাৰ্গিল বিজয় দিৱস হিচাপে উদযাপন কৰা হয় ৷

22 years of Kargil Vijay Diwas: How the Indian Armed Forces fought and won back Indian territory
কাৰ্গিল বিজয় দিৱসৰ 22 বছৰ: পাক সেনাৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক জয়
author img

By

Published : Jul 25, 2021, 7:22 PM IST

নিউজ ডেস্ক, 25 জুলাই : আজিৰ পৰা 22 বছৰ পূৰ্বে প্ৰায় 60 দিনযোৰা যুদ্ধৰ অন্তত পাকিস্তানী সেনাক পৰাভূত কৰি ভাৰতীয় সেনাই কাৰ্গিলৰ উচ্চ শিখৰত বিজয়ধ্বজা উৰুৱাইছিল । সেই সময়ৰ পৰাই ভাৰতত ২৬ জুলাইৰ দিনটো কাৰ্গিল বিজয় দিৱস হিচাপে উদযাপন কৰা হয় ৷ কাৰ্গিল সংঘৰ্ষ হিচাপেও জনাজাত কাৰ্গিল যুদ্ধ আছিল ভাৰত-পাকিস্তানৰ মাজত সংঘটিত এক সশস্ত্ৰ যুদ্ধ ৷

22 years of Kargil Vijay Diwas: How the Indian Armed Forces fought and won back Indian territory
আৰ্টিলাৰী গান লোডিঙৰ এক চিত্ৰ

1999 চনৰ মে'ৰ পৰা জুলাই পৰ্যন্ত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা(Line of Actual Control)ৰ সমীপত কাশ্মীৰৰ কাৰ্গিল অঞ্চলত এই যুদ্ধ সংঘটিত হৈছিল ৷ সেই সময়ৰ পাকিস্তানৰ মুখ্যমন্ত্ৰী নৱাজ শ্বৰীফৰ অজ্ঞাতে পাকিস্তানী সেনা প্ৰধান জেনেৰেল পাৰভেজ মুজাৰফে দুয়ো দেশৰ মাজত থকা দ্বি-পাক্ষিক বুজাবুজি ভংগ কৰি কাশ্মীৰৰ সু-উচ্চ পোষ্টসমূহ, য’ত শীতৰ দিনত দুয়ো দেশৰ সেনাই বুজাবুজিৰে এৰি দিয়ে, সেইসমূহ দখল কৰিছিল ৷ পাকিস্তানী সেনাই এই পোষ্টসমূহ স্বাধীন কাশ্মীৰী সন্ত্ৰাসবাদী সংগঠনে দখল কৰা বুলি কৈ যুদ্ধৰ বাবে অনিচ্ছা প্ৰকাশ কৰিছিল ৷ অনুপ্ৰৱেশকাৰী পাকিস্তানী সেনা আৰু সন্ত্ৰাসবাদীয়ে এনে স্থানত অৱস্থান কৰিছিল, য’ৰ পৰা যুদ্ধৰ আৰম্ভণি কৰিবলৈ ৰণকৌশল প্ৰস্তুত কৰাত তেওঁলোকৰ সুবিধা হৈছিল ৷

পাকিস্তানী সেনাৰ পৰা জব্দ কৰা অস্ত্ৰ-শস্ত্ৰৰ সৈতে ভাৰতীয় সেনা

স্থানীয় ভেড়াৰখীয়াৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি ভৰতীয় সেনাই তেওঁলোকৰ স্থানসমূহৰ অনুমান কৰে ৷ ইয়াৰ পিছতে ভাৰতীয় সেনাই ‘অপাৰেচন বিজয়’ (Operation Vijay) অভিযান আৰম্ভ কৰে ৷ এই অভিযানৰ সফলতাপূৰ্বক 1999 চনৰ 26 জুলাইত অন্ত পৰে ৷

ভাৰতীয় সেনাৰ এক টোপ পজিশ্বন

এই যুদ্ধত ভাৰতে 527 গৰাকী বীৰ জোৱানক হেৰুৱায় ৷ ইয়াৰ বিপৰীতে পাকিস্তানী সেনাই 357-453 গৰাকী সেনা হেৰুৱায় ৷ উল্লেখ্য যে, 'কাৰ্গিল বিজয় দিৱস ২০২১'(Kargil Vijay Diwas 2021) উদযাপনৰ অংশ হিচাপে 21 জুলাইত জম্মু আৰু কাশ্মীৰৰ উধমপুৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত কাৰ্গিল যুদ্ধৰ নায়কসকলক সন্মান জনোৱাৰ বাবে জম্মু-কাশ্মীৰৰ সূৰ্য বেণ্ডে উধমপুৰৰ নৰ্ডাৰ্ণ কমাণ্ডত যোগদান কৰি দেশপ্ৰেম আৰু জাতীয়তাবাদৰ উৎসাহেৰে পৰিপূৰ্ণ এক সংগীতৰ সন্ধিয়া উপহাৰ দিয়ে ৷

শক্তিশালী বফৰ্ছৰ পজিশ্বন

উক্ত অনুষ্ঠানত লেফটেনেণ্ট জেনেৰেল ৱাই কে যোশীকে ধৰি সেনাৰ বহুকেইজন জ্যেষ্ঠ বিষয়া আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকল উপস্থিত আছিল ৷ ইয়াৰ উপৰিও কাৰ্গিল যুদ্ধ(Kargil War)ৰ ২২ বছৰীয়া বিজয় উপলক্ষে ভাৰতীয় সেনাৰ উত্তৰ কমাণ্ডে জম্মু আৰু কাশ্মীৰত দুদিনীয়া কাৰ্যসূচীৰে এক মটৰ চাইকেল ৰেলীৰ আয়োজন কৰে ৷ কাৰ্গিল বিজয় দিৱস(Kargil Vijay Diwas)ৰ 22তম বাৰ্ষিকী উপলক্ষে উধমপুৰৰ পৰা ড্ৰাছ(Drass)স্থিত কাৰ্গিল যুদ্ধ স্মাৰক(Kargil War Memorial)লৈ 25 জনীয়া মটৰ চাইকেল আৰোহীৰ সৈতে এক ৰেলীৰ আয়োজন কৰা হয় ৷ চি নৰ্ডাৰ্ণ কমাণ্ডৰ লেফটেনেণ্ট জেনেৰেল ৱাই.কে যোশী( Lt. Gen. Y K Joshi, GOC of the C Northern Command)ৰ নেতৃত্বত এই ৰেলী আৰম্ভ হয় ৷

ভাৰতীয় সেনাৰ এটা বাংকাৰ

লগতে পঢ়ক- শ্বহীদ হোৱাৰ পূৰ্বে 9 শত্ৰুক গুলীয়াইছিল কেপ্তেইন অনুজ নায়াৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.