ETV Bharat / bharat

মোডীৰ মন্ত্ৰীসভাত ২১ খন নতুন মুখ : আধিপত্য বিস্তাৰ কৰিব বিহাৰে

মোডী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণকলৈ চৰ্চা চলি থকাৰ মাজতে ২১ গৰাকী নতুন মুখৰ নাম পোহৰলৈ আহিছে । বিহাৰৰ পৰা যথেষ্ট সংখ্যক নতুন মুখে মন্ত্ৰীসভাত স্থান পোৱাৰ আশা কৰা হৈছে । অসমৰ পৰাও প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈছে প্ৰধানমন্ত্ৰীৰ বাসগৃহত ।

Bihar tipped for lions share
মোডীৰ মন্ত্ৰীসভাত ২১ খন নতুন মুখ
author img

By

Published : Jul 7, 2021, 4:58 PM IST

নেশ্যনেল ডেস্ক,৭ জুলাই : নতুন মন্ত্ৰীসভাৰে বুধবাৰে সন্ধিয়া মোডী চৰকাৰক এক নতুন ৰূপত দেখা যাব । প্ৰধানমন্ত্ৰী মোডীৰ (Prime minster Modi) দ্বিতীয় কাৰ্যকালৰ এয়া হ'ব প্ৰথম মন্ত্ৰীসভাৰ ৰদবদল । ইফালে উত্তৰ প্ৰদেশকে ধৰি পাঁচখন ৰাজ্যৰ ২০২২ চনৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি যথেষ্ট পৰিমাণে পৰীক্ষা নিৰীক্ষাৰ অন্তত নতুন সাম্ভাৱ্য মন্ত্ৰীৰ নামৰ তালিকাও তৈয়াৰ কৰিছে শীৰ্ষ নেতৃত্বই ।

বিহাৰত জনতা দল-ইউনাইটেডৰ(JDU) পুনৰুত্থান আৰু পশ্চিমবংগত শেহতীয়া নিৰ্বাচনত বিজেপিৰ মুখ থেকেচা এই কথাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীসভাৰ তালিকাত বিহাৰে এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰাৰ সম্ভাৱনা আছে । ইতিমধ্যে চৰ্চাত থকা নামসমূহৰ ভিতৰত জ্যোতিৰাদিত্য সিন্ধিয়া, সুশীল মোডী, সৰ্বানন্দ সোণোৱাল, নাৰায়ণ ৰাণে আৰু পশ্চিমবংগ বিজেপিৰ মুৰব্বী দিলীপ ঘোষ অন্যতম । যিসকল কেন্দ্ৰীয় কেবিনেটৰ ব্যাপক ৰদবদলৰ অংশ হ'ব বুলি ধাৰণা কৰা হৈছে । মোডী চৰকাৰৰ নতুন মন্ত্ৰীসকলৰ ভিতৰত আছে মধ্য প্ৰদেশৰ বিজেপি নেতা তথা প্ৰাক্তন কংগ্ৰেছ হেভিৱেট জ্যোতিৰাদিত্য সিন্ধিয়া, বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী সুশীল মোডী ।

বাতৰিটো প্ৰকাশৰ সময়লৈ প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈ আগমন ঘটা নেতাসকল হৈছে :

১. জ্যোতিৰাদিত্য সিন্ধিয়া

২. সৰ্বানন্দ সোণোৱাল

৩. ভূপেন্দৰ যাদৱ

৪. অনুৰাগ ঠাকুৰ

৫. মীনাক্ষী লেখি

৬. অনুপ্ৰিয়া পেটেল

৭. অজয় ভট্ট

8. শোভা কাৰান্দজালে

৯. সুনীতা দুগ্গল

১০. প্ৰীতম মুণ্ডে

১১. সান্তানু ঠাকুৰ

১২. নাৰায়ণ ৰাণে

১৩. কপিল পাটিল

১৪. পশুপতি নাথ পাৰশ

১৫. আৰ.চি.পি. সিং

১৬. জি. কৃষ্ণ ৰেড্ডী

বিজেপিৰ মুখপাত্ৰ আৰু সংখ্যালঘু হিচাপে চৈয়দ জাফৰ ইছলামকো কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীসভাত স্থান পোৱাৰ কথা চৰ্চা চলিছে । লগতে এই তালিকাখনত আছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী (Ex cm of Assam) সৰ্বানন্দ সোণোৱাল আৰু মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাৰায়ণ ৰাণে । মিত্ৰজোঁটৰ অংশীদাৰ আৰু আপনা দলৰ মুৰব্বী উত্তৰ প্ৰদেশৰ অনুপ্ৰিয়া পেটেল সম্ভাৱ্য সকলৰ ভিতৰত আছে । লাডাখৰ সাংসদ জামিয়াং চেৰিং নামগিয়াল যিয়ে তেওঁৰ সংসদৰ ভাষণত সকলোকে প্ৰভাৱিত কৰিছিল তেওঁকো বিবেচনা কৰা হৈছে ।

উল্লেখ্য যে, ৰাম বিলাস পাছোৱানৰ মৃত্যুৰ লগতে অকালি দল (Akali Dal) আৰু শিৱসেনাৰ (Shiv Sena) মিত্ৰজোঁট ভংগৰ ফলত হোৱা কিছু খালী আসনৰ বাবে এই ৰদবদলৰ প্ৰয়োজন হৈছে । উত্তৰ প্ৰদেশৰ আগন্তুক নিৰ্বাচন ৰদবদলৰ অন্যতম কাৰণ আৰু লগতে ভূপেন্দ্ৰ যাদৱৰ দৰে একাংশ শক্তিশালী সাংগঠনিক নেতাৰ দলত আগমনে মন্ত্ৰীসভা পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা আহি পৰিছে । ইফালে দিল্লী বিজেপিৰ প্ৰাক্তন সভাপতি মনোজ তিৱাৰীও সম্ভাৱ্যসকলৰ ভিতৰত আছে । দিলীপ ঘোষৰ লগতে পশ্চিমবংগৰ সাংসদ লকেট চেটাৰ্জী আৰু শান্তনু ঠাকুৰ দলটোৰ অংশ হৈছে ।

বিজেপিয়ে নীতিশ কুমাৰৰ দাবী মানি লোৱাৰ বাবে বিহাৰৰ পৰা ৩ ৰ পৰা ৪ জন জেডিইউ নেতাই মন্ত্ৰীসভাত স্থান পোৱাৰ সম্ভাৱনা আছে । জেডিইউৰ লালন সিং, আৰচিপি সিং, ৰামনাথ ঠাকুৰ আৰু দিলেশ্বৰ কামাইত আৰু সন্তোষ কুশৱাহা সম্ভাৱ্যসকলৰ ভিতৰত অন্যতম । মণিপুৰৰ সাংসদ ৰাজকুমাৰ ৰঞ্জন সিং, কৰ্ণাটকৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰমেশ জিগাজিনাগী সম্ভাৱ্য সকলৰ ভিতৰত আছে । উত্তৰ প্ৰদেশ পৰাও সম্ভাৱ্যসকলৰ ভিতৰত আছে ৰাজ্যসভাৰ সাংসদ সকলদীপ ৰাজভৰ আৰু খেৰীৰ সাংসদ অজয় মিশ্ৰ (Ajay Mishra) ।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰীক সাক্ষাৎ কেবিনেটৰ সম্ভাব্য মন্ত্ৰীসকলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.