নিউজ ডেস্ক, 4 জুন: ওড়িশাৰ ভয়াৱহ ৰে’ল দুৰ্ঘটনাই কঁপাইছে সমগ্ৰ দেশ ৷ কিয় এই শোকাৱহ ৰে’ল দুৰ্ঘটনা সংঘটিত হ’ল সেয়া বৰ্তমানেও পোহৰলৈ অহা নাই ৷ কিন্তু 2022 চনৰ কেগৰ প্ৰতিবেদনত (Comptroller and Auditor General Report) উল্লেখ আছে ভাৰতীয় ৰে’ল ব্যৱস্থাৰ দুৰৱস্থাৰ এখন ভয়ংকৰ ছবি ৷
কেগৰ ‘ভাৰতীয় ৰে'লৱেত লাইনচ্যুত’ সম্পৰ্কীয় প্ৰতিবেদনত ৰে’ল সুৰক্ষাৰ ক্ষেত্ৰত কেইবাটাও ক্ৰুটি উল্লেখ কৰা হৈছিল ৷ এই ক্ৰুটিসমূহৰ ভিতৰত উল্লেখ আছে ৰে’লৱেৰ পুঁজি সঠিকভাৱে ব্যৱহাৰ নকৰা, ৰে’লৱে ট্ৰেক নৱীকৰণৰ পুঁজি হ্ৰাস কৰা, পৰ্যাপ্ত সুৰক্ষা কৰ্মীৰ অভাৱ ইত্যাদি (2022 CAG report on Derailments) ৷
কেগৰ প্ৰতিবেদনত দুৰ্ঘটনাৰ পাচত প্ৰতিবেদন সঠিকভাৱে দাখিল নকৰাৰ প্ৰসংগও উল্লেখ কৰা হৈছে ৷ পৰ্যাপ্ত সুৰক্ষা কৰ্মীৰ অভাৱ যে, এক অতি উদ্বেগজনক বিষয় সেই কথাও উল্লেখ কৰা হৈছিল প্ৰতিবেদনত ৷ উল্লেখ্য যে, ওড়িশাত শুকুৰবাৰে সংঘটিত হোৱা ৰে’ল দুৰ্ঘটনাত 275 জন যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে 1100ৰো অধিক লোক আহত হৈছিল (Cause of derailment in India) ৷
2022 চনত প্ৰকাশ পোৱা প্ৰতিবেদনত কেগে দুটা অতি গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিল ৷ সেই পৰামৰ্শ দুটা হ’ল- ৰে’লৱে দুৰ্ঘটনাৰ অনুসন্ধান সঠিক আৰু নিৰ্ধাৰিত সময়ত সম্পন্ন কৰা আৰু উন্নত প্ৰযুক্তিৰ যান্ত্ৰিক পদ্ধতি গ্ৰহণ কৰি ট্ৰেকসমূহ উন্নত কৰা (CAG report on Indian train accident)৷
ভাৰতীয় ৰে’লৱেৰ ত্ৰুটিৰ (Railway Safety lapses) ক্ষেত্ৰত কেগৰ মুখ্য পৰ্যৱেক্ষণসমূহ তলত উল্লেখ কৰা হ’ল-
1. ৰেলপথৰ জ্যামিতিক আৰু গাঁথনিগত পৰিস্থিতি মূল্যাঙ্কন কৰিবলৈ প্ৰয়োজনীয় ট্ৰেক ৰেকৰ্ডিং প্ৰক্ৰিয়া 30 ৰ পৰা 100 শতাংশলৈকে হ্ৰাস পোৱা
2. ট্ৰেক মেনেজমেণ্ট চিষ্টেম (টিএমএছ) হৈছে ট্ৰেক ৰক্ষণাবেক্ষণ কাৰ্যকলাপৰ অনলাইন নিৰীক্ষণৰ এক প্ৰক্ৰিয়া ৷ কিন্তু ট্ৰেক মেনেজমেণ্ট চিষ্টেম কাৰ্যকৰী কৰা হোৱা নাছিল
3. এপ্ৰিল 2017 ৰ পৰা মাৰ্চ 2021 লৈ দেশত সংঘটিত হোৱা মুঠ 422 টা লাইনচ্যুত হোৱা ঘটনাৰ বাবে অভিযান্ত্ৰিক বিভাগক দায়ী কৰা হৈছিল । লাইনচ্যুত হোৱাৰ বাবে দায়বদ্ধ মুখ্য কাৰকটো আছিল ‘নিৰ্ধাৰিত সীমাৰ ভিতৰত ট্ৰেকৰ নিৰীক্ষণ’ নকৰা
4. ‘মেকানিকেল ডিপাৰ্টমেণ্ট’ৰ বাবে দায়ী লাইনচ্যুত হোৱাৰ সংখ্যা আছিল 182 টা । লাইনচ্যুত হোৱাৰ বাবে দায়ী কাৰকবোৰৰ বাবে ‘ৰে’ল চকাৰ ব্যাসৰ তাৰতম্য’ আছিল অন্যতম কাৰণ
5. লক’ পাইলটসকলৰ (Loco pilot) বাবে দায়ী দুৰ্ঘটনাৰ সংখ্যা আছিল 154 টা । ‘অসংযত ড্ৰাইভিং / অভাৰ স্পিডিং’ লাইনচ্যুত হোৱাৰ বাবে মুখ্য কাৰক আছিল
6. ‘অপাৰেটিং ডিপাৰ্টমেণ্ট'ৰ বাবে দায়ী দুৰ্ঘটনাৰ সংখ্যা আছিল 275 টা
7. নিৰ্ধাৰিত সময়সূচীৰ ভিতৰত কৰ্তৃপক্ষৰ ওচৰত ‘তদন্ত প্ৰতিবেদন’ দাখিল কৰা হোৱা নাছিল
8. বেছিভাগ লাইনচ্যুত হোৱাৰ কাৰণ হৈছে নিয়ম আৰু সূচীৰ তাৰতম্য আৰু কৰ্মচাৰীৰ মাজত সমন্বয় আৰু যোগাযোগৰ অভাৱ
9. ট্ৰেক নৱীকৰণৰ বাবে পুঁজিৰ আৱণ্টন 2018-19 বৰ্ষত 9,607.65 কোটি টকাৰ পৰা 2019-20 চনত 7,417 কোটি টকালৈ হ্ৰাস পাইছে । নৱীকৰণৰ কামবোৰ অনুসৰণ কৰিবলৈ আৱণ্টন কৰা পুঁজিবোৰো সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা হোৱা নাছিল । 2017-21 বৰ্ষত 1,127 টা লাইনচ্যুত হোৱাৰ ভিতৰত, 289 টা লাইনচ্যুত হোৱাৰ ঘটনা (26 শতাংশ) ট্ৰেক নৱীকৰণৰ সৈতে সম্পৰ্কিত আছিল ।
10. ৰাষ্ট্ৰীয় ৰে’ল সংৰক্ষণ কোষৰ (আৰআৰএছকে) পৰা (প্ৰাথমিকতা-1) কামৰ সামগ্ৰিক ব্যয় 2017-18 বৰ্ষত 81.55 শতাংশৰ পৰা 2019-20 বৰ্ষত 73.76 শতাংশলৈ হ্ৰাস পাইছে
লগতে পঢ়ক: Balasore train accident : ভুৱনেশ্বৰলৈ ৰাওনা এইমছৰ বিশেষজ্ঞ চিকিৎসকৰ দল