ETV Bharat / bharat

ত্ৰিপুৰাত নিচা মুক্তি কেন্দ্ৰ স্থাপনৰ বাবে ২০ কোটি টকা মুকলি

ত্ৰিপুৰাত ড্ৰাগছ আসক্তৰ সংখ্যা বৃদ্ধি পাইছে । ফলস্বৰূপে এইডছৰ সংক্ৰমণো বৃদ্ধি পাইছে (HIV cases increase in Tripura)। যাৰ বাবে চৰকাৰে নতুনকৈ নিচা মুক্তি কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা কৰিছে । এই ক্ষেত্ৰত ইতিমধ্যে চৰকাৰে ২০ কোটি টকা আৱণ্টন দিছে ।

author img

By

Published : Apr 8, 2022, 2:25 PM IST

ত্ৰিপুৰাত নিচা মুক্তি কেন্দ্ৰ স্থাপনৰ বাবে ২০ কোটি টকা মুকলি
ত্ৰিপুৰাত নিচা মুক্তি কেন্দ্ৰ স্থাপনৰ বাবে ২০ কোটি টকা মুকলি

আগৰতলা,৮ এপ্ৰিল : ত্ৰিপুৰাত শেহতীয়াকৈ ড্ৰাগছ আসক্ত আৰু এইডছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে (HIV cases increase in Tripura)। যাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । ৰাজ্যখনত নতুনকৈ স্থাপন কৰা হ'ব নিচা মুক্তি কেন্দ্ৰ । চৰকাৰে এই নিচা মুক্তি কেন্দ্ৰ স্থাপনৰ বাবে প্ৰায় ২০ কোটি টকা আৱণ্টন দিছে (20 crore for drug rehabilitation center in Tripura )।

শ্বহীদ ভগত সিং যুৱ ছাত্ৰাবাসত বিশেষভাৱে সক্ষম খেলুৱৈসকলক উৎসাহিত কৰিবলৈ অভয় মিছনে আয়োজন কৰা এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে । তেওঁ কয় যে ৰাজ্যত দৈনিক গড় হিচাপত দুটাকৈ এইডছৰ ঘটনা পোহৰলৈ আহিছে । বিশেষকৈ ড্ৰাগছ আসক্ত লোকসকলৰ ক্ষেত্ৰত এইডছৰ সংক্ৰমণ যথেষ্ট বৃদ্ধি পাইছে । যাৰ বাবে চৰকাৰে নতুনকৈ নিচা মুক্তি কেন্দ্ৰ স্থাপন কৰিবলৈ বাধ্য হৈছে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে আশা কৰা মতে বিশেষভাৱে সক্ষম যুৱক-যুৱতীসকল ড্ৰাগছৰ প্ৰতি আসক্ত নহয় । তেওঁৰ মতে বিশেষভাৱে সক্ষমসকলৰ ক্ষেত্ৰত ড্ৰাগছৰ আসক্তিৰ ঘটনা বিৰল আৰু এক প্ৰকাৰে পিতৃ-মাতৃয়ে ইয়াৰ পৰা সকাহ পায় ।

মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা মতে বৰ্তমান যুৱক-যুৱতীসকলৰ মাজত এইডছ সংক্ৰমণ আৰু ড্ৰাগছৰ আসক্তি বৃদ্ধি পাইছে । সুস্থ লোকসকলে বিভিন্ন ধৰণে এই বেয়া কামত লিপ্ত হৈছে । বৰ্তমান ৰাজ্য চৰকাৰে ড্ৰাগছ মুক্ত ত্ৰিপুৰা গঢ়ি তোলাৰ লক্ষ্য আগত ৰাখিছে (Government is aiming to build a drug free Tripura)। তেওঁ এই ক্ষেত্ৰত সকলোৰে সহযোগিতা বিচাৰিছে ।

উল্লেখ্য যে বিশেষ অলিম্পিক ভাৰত-ত্ৰিপুৰা আৰু অভয় মিছনৰ উদ্যোগত আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল । এই কাৰ্যসূচীত বিশেষভাৱে সক্ষমসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল আৰু বিভিন্ন ধৰণৰ সামগ্ৰী যেনে জোতা, পৰিচ্ছন্নতাৰ সামগ্ৰী আদি বিতৰণ কৰা হৈছিল । অনুষ্ঠানটোৰ আৰম্ভণিতে বিশেষভাৱে সক্ষম খেলুৱৈসকলে মুখ্যমন্ত্ৰী আৰু অন্যান্য অতিথিসকলৰ সন্মুখত যোগাভ্যাস কৰে । তাৰ পাছত মুখ্যমন্ত্ৰীয়ে বগা বেলুন উৰুৱাই অনুষ্ঠানটো উদ্বোধন কৰে ।

লগতে পঢ়ক :মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত আগৰতলাত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.