নেশ্যনেল ডেস্ক, ২৭ ডিচেম্বৰ : অৱশেষত উদ্ধাৰ কৰা হ'ল পাৰাদ্বীপৰ উপকূলত ১৫ দিনে আৱদ্ধ হৈ থকা বাংলাদেশৰ ২০ জন মাছমৰীয়াক (20 Bangladeshi fishermen rescued off Paradip coast) । ওড়িশাৰ স্থানীয় মাছমৰীয়াৰ তৎপৰতাত বাংলাদেশী মাছমৰীয়াকেইজনক উদ্ধাৰ কৰা হয় ।
যোৱা ৭ ডিচেম্বৰত মাছ ধৰিবলৈ বাংলাদেশৰ ভোলাবৰিশাল জিলাৰ পৰা যন্ত্ৰচালিত নাৱেৰে মাছমৰীয়াকেইজন সাগৰৰ মাজলৈ ৰাওনা হৈছিল । কিন্তু বংগোপ সাগৰত সৃষ্টি নিম্নচাপৰ বাবে হঠাতে বতৰ সলনি হয় ৷ প্ৰতিকূল বতৰৰ বাবে তেওঁলোক পাৰাদ্বীপত ১৫ দিন ধৰি আৱদ্ধ হৈ পৰে (Bangladeshi fishermen stranded off Paradip coast for 15 days) ।
ওড়িশাৰ স্থানীয় মাছমৰীয়াই বাংলাদেশৰ মাছমৰীয়াসকলক প্ৰত্যক্ষ কৰি ভাৰতীয় উপকূলৰক্ষী বাহিনীক এই বিষয়ে অৱগত কৰে । পাচত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সহায়ত বাংলাদেশৰ মাছমৰীয়াকেইজনক উদ্ধাৰ কৰা হয় । মাছমৰীয়াকেইজনক উদ্ধাৰ কৰা হৈছে যদিও মাছমৰীয়াসকল কেনেকৈ ভাৰতীয় জলসীমাত উপস্থিত হৈছিল, সেই বিষয়ে জানিবলৈ তদন্ত আৰম্ভ কৰিছে ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু সামুদ্ৰিক আৰক্ষীয়ে ।
মাছমৰীয়াকেইজনৰ পৰা প্ৰায় ১৫ টা ম’বাইল ফোনৰ লগতে কিছু বাংলাদেশী টোকাবহী উদ্ধাৰ কৰা হৈছে । ইয়াৰ উপৰিও আন কিছুমান গুৰুত্বপূৰ্ণ নথি-পত্ৰ মাছমৰীয়াকেইজনৰ পৰা উদ্ধাৰ কৰা হৈছে আৰু এই সন্দৰ্ভত তদন্ত অব্যাহত আছে ।
লগতে পঢ়ক: Muzaffarpur Factory Blast : নুডলছৰ কাৰখানাত সংঘটিত বিস্ফোৰণত ১০ গৰাকী কৰ্মচাৰীৰ মৃত্যু