ETV Bharat / bharat

Gandhi Jayanti 2023 : হিমাচল প্ৰদেশৰ দাগছাই কাৰাগাৰৰ সৈতে মহাত্মা গান্ধীৰ সম্পৰ্ক কি ?

আজি মহাত্মা গান্ধীৰ জন্ম জয়ন্তী । এই দিনটোত হিমাচলৰ চোলান জিলাৰ দাগছাই কাৰাগাৰো চৰ্চাত আছে । মহাত্মা গান্ধীয়ে দুদিন এই কাৰাগাৰত অতিবাহিত কৰিছিল । গডছে এই কাৰাগাৰৰ শেষ কাৰাবন্দী আছিল ।

Gandhi Jayanti 2023
হিমাচল প্ৰদেশৰ দাগছাই কাৰাগাৰৰ সৈতে মহাত্মা গান্ধীৰ সম্পৰ্ক
author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 2:14 PM IST

নেশ্যনেল ডেস্ক,২ অক্টোবৰ : মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জন্ম জয়ন্তী আজি সমগ্ৰ দেশতে উদযাপন কৰা হৈছে । প্ৰতি বছৰে তেওঁৰ জন্ম জয়ন্তীত সমগ্ৰ দেশতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় । দেশৰ বিভিন্ন প্ৰান্তৰ দৰে হিমাচল প্ৰদেশৰ সৈতেও মহাত্মা গান্ধীৰ এক পৃথক সম্পৰ্ক আছে । দেশৰ স্বাধীনতাৰ বাবে মহাত্মা গান্ধীৰ অৱদান অপৰিহাৰ্য । হিমাচল প্ৰদেশৰ চোলান জিলাৰ দাগছাই কাৰাগাৰৰ সৈতেও মহাত্মা গান্ধীৰ বিশেষ সম্পৰ্ক আছে । য'ত মহাত্মা গান্ধীয়ে দুদিন অতিবাহিত কৰিছিল । এই কাৰাগাৰত ব্ৰিটিছে স্বাধীনতা সংগ্ৰামীসকলক অমানৱীয়ভাৱে অত্যাচাৰ কৰিছিল । এই কাৰাগাৰৰ দেৱালবোৰে এতিয়াও সেই কাহিনীবোৰ বৰ্ণনা কৰে ।

Gandhi Jayanti 2023
হিমাচল প্ৰদেশৰ দাগছাই কাৰাগাৰৰ সৈতে মহাত্মা গান্ধীৰ সম্পৰ্ক

দাগছাই কাৰাগাৰত ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলক বহুতো কষ্ট দিয়া হৈছিল । যিবোৰ স্মৰণ কৰিলে দেশবাসীৰ বুকু আজিও কঁপি উঠে । ব্ৰিটিছে দাগছাই কাৰাগাৰ নিৰ্মাণ কৰিছিল । দাগছাই অঞ্চল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৮৪৭ চনত প্ৰতিষ্ঠা কৰিছিল । ব্ৰিটিছে পাটিয়ালাৰ ৰজাৰ পৰা এই অঞ্চলৰ ৫ খন গাঁও একত্ৰিত কৰি দাগছাই প্ৰতিষ্ঠা কৰিছিল ।

১৯২০ চনত মহাত্মা গান্ধীয়ে দাগছাই কাৰাগাৰত ২ দিন অতিবাহিত কৰিছিল । মহাত্মা গান্ধীয়ে কাৰাগাৰত আইৰিছ কাৰাবন্দীসকলক সাক্ষাতৰ বাবে আহিছিল । আইৰিছ সৈন্যৰ আকস্মিক গ্ৰেপ্তাৰে মহাত্মা গান্ধীক দাগছাইলৈ আহিবলৈ বাধ্য কৰিছিল । যাতে তেওঁ ইয়ালৈ আহি তাৰ মূল্যাঙ্কন কৰিব পাৰে । গান্ধীজীৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰিটিছে তেওঁক সেনানিবাস এলেকাত থকাৰ ব্যৱস্থা কৰিছিল । কিন্তু তেওঁ কাৰাগাৰত থকাৰ দাবী কৰিছিল ।

মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেক চিমলাত এক বিচাৰৰ সময়ত দাগছাই কাৰাগাৰলৈ অনা হৈছিল । গডছেক কাৰাগাৰৰ মূল গেটৰ প্ৰৱেশদ্বাৰৰ কাষৰ কোষত ৰখা হৈছিল । য'ত গডছেৰ ফটোখন দেৱালত ওলমি আছে । গডছে এই কাৰাগাৰৰ শেষ কাৰাবন্দী আছিল । গডছেক প্ৰৱেশদ্বাৰত ৬ নম্বৰৰ কোষত ৰখা হৈছিল । তাৰ পাছত কাৰাগাৰত বন্দীসকলক ৰখা বন্ধ কৰা হয় ।

কাৰাগাৰত নিৰ্মিত অন্ধকূপটো এতিয়াও ভয়ানক যেন লাগে । য'ত অনবৰতে আন্ধাৰ হৈ থাকে । ইয়াৰ দ্বাৰা ব্ৰিটিছসকলে এই কাৰাগাৰত কি ধৰণে কাৰাবন্দীক অত্যাচাৰ কৰিছিল সেয়া অনুমান কৰিব পাৰি । এই কাৰাগাৰৰ দেৱালবোৰে এতিয়াও ব্ৰিটিছসকলৰ অত্যাচাৰৰ কাহিনী বৰ্ণনা কৰে । শাৰীৰিক অত্যাচাৰৰ উপৰিও কেতিয়াবা কাৰাবন্দীসকলক অমানৱীয় শাস্তি দিয়া হৈছিল । পাহাৰৰ ওপৰত নিৰ্মিত এই কেন্দ্ৰীয় কাৰাগাৰটো আন্দামান আৰু নিকোবৰ কাৰাগাৰৰ দৰে নিৰ্মাণ কৰা হৈছিল । বহুতো প্ৰখ্যাত স্বাধীনতা সংগ্ৰামীক ইয়াত ৰখা হৈছিল । ইয়াত কাৰাবন্দীসকলৰ কপালত গৰম লোৰে দাগ দিয়া হৈছিল । সেইকাৰণে ইয়াক 'দাগ-ই-শাহী' শাস্তি বুলিও কোৱা হৈছিল । দাগছাই নামটো দাগ-ই-শাহী নামৰ পৰাই অহিছিল ।

কোৱা হয় যে কাৰাবন্দীসকলক কাৰাগাৰৰ কোঠাৰ দুয়োখন দুৱাৰৰ মাজত থিয় হ'বলৈ দিয়া হৈছিল । দুয়োখন দুৱাৰ বন্ধ কৰাৰ পাছত নিশ্চিত কৰা হৈছিল যে কাৰাবন্দীসকলে বিশ্ৰাম নোলোৱাকৈ কেইবা ঘণ্টা ধৰি এই দুৱাৰৰ মাজত থিয় হৈ আছে নে নাই । এই কাৰাগাৰত কাৰাবন্দীসকলৰ বাবে এখন কাৰ্ডও বনোৱা হৈছিল । এই কাৰ্ডখনত কাৰাবন্দীজনৰ নাম, দেহৰ ৰং, দেশ, অপৰাধ, কাৰাবাসৰ ম্যাদ আৰু বিচাৰৰ তাৰিখসহ সম্পূৰ্ণ বিৱৰণ লিখা হৈছিল ।

মহাত্মা গান্ধী থকা কোষটোত আজিও গান্ধীৰ এখন ছবি, এটা যঁতৰ আৰু এটা গাদী ৰখা আছে । আজিও হাজাৰ হাজাৰ লোকে এই কাৰাগাৰখন চাবলৈ যায় । ইয়াৰ উপৰিও এটা সংগ্ৰহালয় কোঠা নিৰ্মাণ কৰা হৈছে, য'ত কাৰাগাৰ আৰু দাগছাই সম্পৰ্কীয় স্মৃতি ৰখা হৈছে । কাৰাগাৰ সংগ্ৰহালয় পৰিদৰ্শন কৰিলে আপোনাৰ মনত স্বাধীনতাৰ পূৰ্বৰ দিনবোৰ সজীৱ হ'ব । য'ত আপুনি সেই দিনবোৰত কাৰাবন্দীসকলক কিমান কঠোৰ শাস্তি আৰু অত্যাচাৰ দিয়া হৈছিল তাক অনুমান কৰিব পাৰিব । উল্লেখ্য যে যে কামাগাতামাৰুৰ বিদ্ৰোহী শিখ নেতাসকলকো ইয়াত ৰখা হৈছিল আৰু পাছত তেওঁলোকক ফাঁচী দিয়া হৈছিল ।

এই কাৰাগাৰ চণ্ডিগড়ৰ পৰা ৪০ কিঃমিঃ আৰু চোলান জিলাৰ কচৌলীৰ পৰা ১১ কিলোমিটাৰ দূৰৈত কুমাৰহাট্টিৰ ওচৰত অৱস্থিত । প্ৰতিদিনে বহু সংখ্যক পৰ্যটক এই কাৰাগাৰলৈ আহে ।

লগতে পঢ়ক :Gandhi Jayanti 2023 : শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত ১৫৪ সংখ্যক গান্ধী জয়ন্তী পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.