নেশ্যনেল ডেস্ক, ৭ এপ্ৰিল: আঢ়ৈ ফুট উচ্চতাৰে অনিতা শৰ্মাই মন মেলিছে ৰাজনীতিৰ পথাৰলৈ । উত্তৰ প্ৰদেশৰ জৌনপুৰত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই ৰাজনীতিলৈ আহিব বিচাৰিছে অনিতা শৰ্মাই । বদলাপুৰ খণ্ডৰ ৱাৰ্ড নম্বৰ ২২ ৰ জিলা পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ মঙলবাৰে মনোনয়ন পত্ৰ দাখিল কৰে অনিতাই । অনিতা শৰ্মাই মঙলবাৰে স্বামী সুৰেশৰ সৈতে মনোনয়ন পত্ৰ দাখিল কৰাত নিৰ্বাচনী বিষয়া আৰু কৰ্মচাৰীসকল হতবাক হৈ পৰে ।
মনোনয়ন পত্ৰ দাখিল কৰাৰ পাচত অনিতাই তেওঁৰ এলেকাত বহু জ্বলন্ত সমস্যা আছে যিসমূহ সমস্যা শীঘ্ৰেই সমাধান কৰি ৰাইজৰ উন্নতি সাধন কৰিব লাগিব বুলি নিৰ্বাচনী বিষয়াই সোধা প্ৰশ্নৰ উত্তৰত কয় । ইফালে, সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপতো অনিতাই কয় যে, যদিও তেওঁৰ উচ্চতা কম কিন্তু অইন সাধাৰণ মানুহে কৰিব পৰা সকলো কাম তেওঁ কৰিব পাৰে । উচ্চতা কম হ'লেও মনৰ আশা যথেষ্ঠ বুলি কয় অনিতাই । অনিতাৰ এই চিন্তাধাৰাক ৰিটাৰ্ণিং বিষয়াইও শলাগে । উল্লেখ্য যে, ৩২ বছৰীয়া অনিতা ৰাজ্যখনৰ বেহাৰা অঞ্চলৰ বাসিন্দা ।
লগতে পঢ়ক: মিজোৰামৰ শেহতীয়া ক'ভিড পৰিস্থিতি