নেশ্যনেল ডেস্ক, ১২ মাৰ্চ: কৰ'ণা প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰি মৃত্যু দুগৰাকীকৈ ব্যক্তিৰ । পশ্চিমবংগৰ এই দুগৰাকী প্ৰাপ্তবয়স্ক ব্যক্তিয়ে কৰ'ণা প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতেই প্ৰাণ হেৰুৱাৰ অভিযোগ উঠিছে । ইতিমধ্যে এই ঘটনাৰ পাচতে ৰাজ্যখনৰ স্বাস্থ্য বিভাগক তদন্তৰ নিৰ্দেশ প্ৰদান কৰা হৈছে । যদিও হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে তথাপিও চৃড়ান্ত তথ্যৰ বাবে স্বাস্থ্য বিভাগক তদন্তৰ নিৰ্দেশ প্ৰদান কৰা হৈছে । যোৱা ৮ আৰু ৯ মাৰ্চত উত্তৰ বংগ জিলাত ক'ভিশ্বীল্ড প্ৰতিষেধক গ্ৰহণ কৰি প্ৰাপ্তবয়স্ক লোক দুগৰাকীৰ মৃত্যু হয় । নিহত লোক দুগৰাকী দাৰ্জিলিং জিলাৰ পাৰুল দত্ত (৭৫) আৰু ধুপগুৰিৰ কৃষ্ণ দত্ত (৬৫) বুলি চিনাক্ত কৰা হৈছে ।
ইফালে, বৃহস্পতিবাৰে পশ্চিম বংগত COVID-১৯ ত তিনিজনৰ মৃত্যু হয় । ফলত ৰাজ্যখনত নিহত হোৱা লোকৰ সংখ্যা ১০,২৮৬ লৈ বৃদ্ধি পায় । নিহত কেইজন উত্তৰ ২৪ পৰগণাৰ দুজন আৰু হাওৰাৰ এজন বুলি জানিব পৰা গৈছে । সম্প্ৰতি ৰাজ্যখনত কৰ'ণা ভাইৰাছত ২৪৪ টা নতুনকৈ আক্ৰান্ত হোৱাত ৫,৭৭,৫১১ জনলৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় । লগতে সক্ৰিয় ঘটনা ৩,১১০ টা, আনহাতে ৫,৬৪,১১৫ জন লোকে আৰোগ্য লাভ কৰিছে । ইয়াৰোপৰি, এতিয়ালৈ ৮৫,৫১৯ জন লোকক টীকাকৰণ কৰা হোৱা বুলি জানিব পৰা গৈছে ।