ETV Bharat / bharat

1995 double murder case : হত্যাৰ গোচৰত দোষী সাব্যস্ত আৰজেডি নেতা প্ৰভুনাথ সিং

আৰজেডি নেতা তথা তিনিবাৰৰ সাংসদ প্ৰভুনাথ সিঙক ডাবল মাৰ্ডাৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে । উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে এই ৰায় প্ৰদান কৰে ।

author img

By

Published : Aug 18, 2023, 7:07 PM IST

1995 double murder case
হত্যাৰ গোচৰত দোষী সাব্যস্ত আৰজেডি নেতা প্ৰভুনাথ সিং

নেশ্যনেল ডেস্ক,১৮ আগষ্ট : হত্যাৰ গোচৰত দোষী সাব্যস্ত হ'ল ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) নেতা তথা প্ৰাক্তন সাংসদ (এমপি) প্ৰভুনাথ সিং । শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে নেতাগৰাকীক ১৯৯৫ চনৰ এক ডাবল মাৰ্ডাৰ গোচৰত দোষী সাব্যস্ত কৰে । ইয়াৰ পূৰ্বে পাটনা উচ্চ ন্যায়ালয়ে প্ৰভুনাথ সিঙক নিৰ্দোষ সাব্যস্ত কৰিছিল ।

ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, এ এছ ওকা আৰু বিক্ৰম নাথক লৈ গঠিত এখন বিচাৰপীঠে মহাৰাজগঞ্জৰ তিনিটা কাৰ্যকালৰ জনতা দল (ইউনাইটেড) আৰু এসময়ৰ ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) সাংসদ প্ৰভুনাথ সিঙক হত্যাকাণ্ডৰ গোচৰটোত দোষী সাব্যস্ত কৰে । শীৰ্ষ আদালতে উল্লেখ কৰে যে ১৯৯৫ চনৰ মাৰ্চ মাহত ছাপ্ৰাৰ এটা ভোটকেন্দ্ৰৰ ওচৰত তেওঁ ১৮ বছৰীয়া ৰাজেন্দ্ৰ ৰায় আৰু ৪৭ বছৰীয়া দাৰোগা ৰায়ক হত্যা কৰা বুলি দেখুৱাবলৈ পৰ্যাপ্ত প্ৰমাণ আছে ।

২০০৮ চনৰ ডিচেম্বৰত পাটনাৰ এখন আদালতে প্ৰমাণৰ অভাৱৰ কথা উল্লেখ কৰি প্ৰভুনাথ সিঙক নিৰ্দোষ সাব্যস্ত কৰে আৰু ২০১২ চনত পাটনা উচ্চ ন্যায়ালয়ে তেওঁক মুকলি কৰি দিয়ে । কিন্তু শীৰ্ষ ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ বিপৰীতে ৰায় দিয়ে । ভুক্তভোগী ৰাজেন্দ্ৰ ৰায়ৰ ভাতৃয়ে প্ৰভুনাথ সিঙৰ নিৰ্দোষ সাব্যস্তক প্ৰত্যাহ্বান জনাই শীৰ্ষ আদালতত আবেদন দাখিল কৰিছিল ।

অভিযোগ অনুসৰি সিঙৰ পৰামৰ্শ অনুসৰি ভোট দিয়া নাছিল বাবে ৰাজেন্দ্ৰ ৰায় আৰু দাৰোগা ৰায়ক গুলীয়াই হত্যা কৰা হৈছিল । মৃতকৰ আত্মীয়সকলে সাক্ষীসকলক ভাবুকি দিয়া আৰু প্ৰভাৱিত কৰা বুলি অভিযোগ কৰাৰ পাছতে গোচৰটো ছপ্ৰাৰ পৰা স্থানান্তৰ কৰা হৈছিল । ৬৯ বছৰীয়া মাছৰখত জন্মগ্ৰহণ কৰা প্ৰভুনাথ সিঙক আন এটা হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড ঘোষণা কৰা হৈছিল ।

লগতে পঢ়ক :Kashmiri separatist leader Yasin Malik : য়াছিন মালিকৰ পত্নীক পাক প্ৰধানমন্ত্ৰীৰ তত্ত্বাৱধায়কৰ বিশেষ উপদেষ্টা নিযুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.