ETV Bharat / bharat

ক’ভিড 19: মিজোৰামৰ শেহতীয়া তথ্য - Covid-19

মিজোৰামত এই পৰ্যন্ত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে 23 গৰাকী লোকৰ ৷ আনহাতে এই পৰ্যন্ত কৰ’ণাৰ পৰা আৰোগ্য লাভ কৰিছে 6498 গৰাকী লোকে ৷ 15 মে’ তাৰিখলৈকে ৰাজ্যখনত 1978 গৰাকী কৰ’ণাত আক্ৰান্ত ৰোগী থকা বুলি জানিবলৈ দিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ৷

1978-active-cases-of-covid-19-in-mizoram
ক’ভিড 19: মিজোৰামৰ শেহতীয়া তথ্য
author img

By

Published : May 16, 2021, 8:50 AM IST

আইজল, 16 মে’: সমগ্ৰ দেশৰ লগতে মিজোৰামতো কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ৷ স্বাস্থ্য বিভাগে জনোৱা মতে, ৰাজ্যখনত বৰ্তমান আক্ৰান্তৰ সংখ্যা 8499 জনলৈ বৃদ্ধি পাইছে । যোৱা ১4 মে'ত মিজোৰামত 123 জন লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হয় ।

1978-active-cases-of-covid-19-in-mizoram
ক’ভিড 19: মিজোৰামৰ শেহতীয়া তথ্য

ইফালে জ’ৰাম মেডিকেল কলেজ হাস্পতালৰ আৰটিপিচিআৰ গৱেষণাগাৰত কৰা 338 টা নমুনা পৰীক্ষাত 38 গৰাকী লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ ৰাজ্যখনৰ বিভিন্ন জিলাৰ টুৰু এনইটি গৱেষণাগাৰত কৰা 141 টা নমুনা পৰীক্ষাত 6 গৰাকী লোকৰ শৰীৰত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ আনহাতে আৰএজিটি পৰীক্ষাগাৰে সম্পন্ন কৰা নমুনা পৰীক্ষণত 1182 গৰাকী লোকৰ ভিতৰত 79 গৰাকী লোকৰ শৰীৰত কৰ’ণাৰ অৱস্থিতি ধৰা পৰিছে ৷ 14 মে’ত ৰাজ্যখনত সৰ্বমুঠ 1161 গৰাকী লোকক কৰ’ণা পৰীক্ষা কৰোৱা হৈছিল ৷

মিজোৰামত এই পৰ্যন্ত কৰ’ণাত আক্ৰান্ত হৈ 23 গৰাকী লোকৰ মৃত্যু হোৱাৰ পৰিৱৰ্তে 6498 গৰাকী লোকে কৰ’ণাৰ পৰা আৰোগ্য লাভ কৰিছে ৷ 15 মে’ লৈকে ৰাজ্যখনত মুঠ 1978 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈ থকা বুলি ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জানিবলৈ দিছে ৷

লগতে পঢ়ক: কৰ’ণা মহামাৰীৰ সময়ত ভাৰতৰ ফাৰ্মা উদ্যোগৰ 59 শতাংশ লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.