ETV Bharat / bharat

গণেশ মূৰ্তি বিসৰ্জনৰ সময়ত মহাৰাষ্ট্ৰত ১৯ জন নিহত - Ganesh puja observed in country

শনিবাৰে আৰক্ষীয়ে জনোৱা মতে, মহাৰাষ্ট্ৰৰ কিছু অংশত গণেশ মূৰ্তি বিসৰ্জনৰ সময়ত সংঘটিত বিভিন্ন ঘটনাত কমেও ১৯ জন লোকৰ মৃত্যু হয় । তাৰে ভিতৰত ১৪ জনৰ পানীত ডুবি মৃত্যু হয় (19 people died in Ganesh immersion in Maharastra)।

Maharastra
Maharastra
author img

By

Published : Sep 10, 2022, 5:14 PM IST

নিউজ ডেস্ক, ১০ ছেপ্টেম্বৰ : শনিবাৰে আৰক্ষীয়ে জনোৱা মতে, মহাৰাষ্ট্ৰৰ কিছু অংশত গণেশ মূৰ্তি বিসৰ্জনৰ সময়ত সংঘটিত বিভিন্ন ঘটনাত কমেও ১৯ জন লোকৰ মৃত্যু হয় । ইয়াৰে ভিতৰত ১৪ জনৰ পানীত ডুবি মৃত্যু হয় (19 people died in Ganesh immersion in Maharastra) । উল্লেখ্য, ৩১ আগষ্টৰ পৰা আৰম্ভ হোৱা ১০ দিনীয়া গণেশ উৎসৱ শুকুৰবাৰে সমাপ্ত হয় ।

ৰাজ্যখনৰ ৱাৰ্ধা জিলাৰ চাৱাংগীত তিনিজন লোক পানীত ডুব যায় । আনহাতে, আন এজন দেৱলীত ডুব যোৱা বুলি এগৰাকী বিষয়াই প্ৰকাশ কৰিছে (Ganesh puja observed in country) । তেওঁ লগতে কয় যে যৱতমাল জিলাৰ এটা পুখুৰীত দুজন লোক মূৰ্তি বিসৰ্জনৰ বাবে যোৱাৰ সময়ত ডুব যায় । আহমেদনগৰ জিলাত চুপা আৰু বেলভান্দিত পৃথক ঘটনাত ডুব যোৱাৰ ফলত দুজন লোকৰ মৃত্যু হয় বুলি উল্লেখ কৰি তেওঁ কয় যে উত্তৰ মহাৰাষ্ট্ৰৰ জলগাঁও জিলাত আন দুজনৰ মৃত্যু হয় (immersion of Ganesh idols in Maharashtra) ।

আনহাতে, পুনেৰ গ্ৰাম্য অংশ ধুলে, সাতাৰা আৰু চোলাপুৰ চহৰত এজনকৈ লোকৰ মৃত্যু হোৱা বুলি তেওঁ কয় । আনহাতে, গণেশ বিসৰ্জনৰ সময়ত নাগপুৰ চহৰৰ চক্কৰদাৰা অঞ্চলত সংঘটিত এক পথ দুৰ্ঘটনাত চাৰিজন লোকৰ মৃত্যু হয় । থানেত বৰষুণৰ মাজতে কোলবাদ অঞ্চলৰ গণেশ পেণ্ডেলত গছ উভালি পৰাৰ ফলত এগৰাকী ৫৫ বছৰীয়া মহিলাৰ মৃত্যু হয় আৰু আন চাৰিজন আহত হয় ।

ইফালে, ৰায়গড় জিলাৰ পানভেলত এক শোভাযাত্ৰাৰ সময়ত বৈদ্যুতিক শ্বকৰ ফলত এগৰাকী ন বছৰীয়া কিশোৰীসহ কমেও ১১ জন লোক আহত হয় । শুকুৰবাৰে সন্ধিয়া ৱাদঘৰৰ কলিৱাড়াত বৈদ্যুতিক জেনেৰেটৰৰ এডাল তাঁৰ ছিঙি যোৱাৰ পিছত এই ঘটনাটো সংঘটিত হোৱা বুলি আৰক্ষীয়ে জনাইছে ।

লগতে পঢ়ক :গণেশৰ মূৰ্তি বিসৰ্জনৰ মাজতেই সোঁতে উটুৱাই নিলে কেইবাজনো ভক্তক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.