ETV Bharat / bharat

Man dies by suicide: প্ৰেম বিবাহৰ 20 দিনৰ পিছতে ১৮ বছৰীয়া এজন যুৱকৰ আত্মহত্যা

author img

By

Published : Jan 26, 2023, 12:47 PM IST

প্ৰেম বিবাহৰ 20 দিনৰ পিছতে আত্মহত্যাৰ দৰে চৰম পথ বাচি ল’লে গুজৰাটৰ প্ৰদীপ কুমাৰ নামৰ 18 বছৰীয়া এজন যুৱকে(Pradeep Kumar committed suicide in Surat) ৷ জানিব পৰামতে যুৱকজনৰ পত্নী দীৰ্ঘদিন ধৰি যক্ষ্মা ৰোগত আক্ৰান্ত হৈ আছিল ৷

18-year-old-man-dies-by-suicide-20-days-after-love-marriage-in-gujarats-surat
প্ৰেম বিবাহৰ 20 দিনৰ পিছতে ১৮ বছৰীয়া যুৱকৰ আত্মহত্যা

নেশ্যনেল ডেস্ক, 26 জানুৱাৰী: গুজৰাটৰ ছুৰাটত সংঘটিত এক শোকাৱহ ঘটনা পোহৰলৈ আহিছে (Suicide case in Surat)৷ কইনাৰ মাহ হালধীৰ গোন্ধ মাৰ নৌযাওঁতেই আত্মহননৰ পথ বাচি ললে স্বামীয়ে (man commits suicide in Surat Gujarat) ৷ প্ৰেম বিবাহৰ 20 দিনৰ পিছতেই আত্মহত্যা কৰিলে এজন 18 বছৰীয়া যুৱকে (18 year old man dies by suicide)৷

মঙলবাৰে নিশা গুজৰাট ঔদ্যোগিক উন্নয়ন নিগম (জিআইডিচি) (Gujarat Industrial Development Corporation) অঞ্চলত বাস কৰা এজন 18 বছৰীয়া যুৱকে আত্মহননৰ দৰে চৰম পথ বাচি লোৱাৰ ঘটনা পোহৰলৈ আহিছে(Youth committed suicide in Sachin GIDC area) ৷ বুধবাৰে পুৱা যুৱকজনৰ পত্নীয়ে তেওঁক ৰহস্যজনভাৱে মৃত অৱস্থাত উদ্ধাৰ কৰাৰ পিছতে ঘৰখনত হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয় (Pradeep Kumar committed suicide in Surat) ৷

মৃত যুৱকজন প্ৰদীপ কুমাৰ বুলি জানিব পৰা গৈছে (Death identified deceased as Pradeep Kumar)৷ জিআইডিচিৰ এটা বৰফৰ কাৰখানাত কাম কৰিছিল প্ৰদীপে ৷ শেহতীয়াকৈ 20 দিনৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল প্ৰদীপে (suicide 20 days after love marriage ) ৷ তেওঁৰ পত্নী নয়ন গৌতম দীৰ্ঘদিন ধৰি যক্ষ্মা ৰোগত আক্ৰান্ত হৈ আছিল ৷ প্ৰদীপ আৰু নয়ন বিবাহৰ দুবছৰৰ পূৰ্বৰ পৰা প্ৰেমৰ সম্পৰ্কত আছিল ৷ তাৰ পিছতে দুয়ো শেহতীয়াকৈ বিবাহপাশত আৱদ্ধ হৈছিল ৷

পৰৱৰ্তী সময়ত আৰক্ষীয়ে প্ৰদীপৰ মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ মৃত যুৱকজনৰ পত্নী নয়নে আৰক্ষীক জনোৱা অনুসৰি প্ৰদীপে মঙলবাৰে সন্ধিয়া প্ৰায় 5 বজাত কামৰ পৰা উভতি আহিছিল আৰু তেওঁক মানসিক চাপত থকা যেন লাগিছিল । তেওঁ গতানুগতিক ভাৱে ঘৰৰ বাবে সামগ্ৰী কিনিবলৈ বজাৰলৈ গৈছিল আৰু ঘূৰি অহাৰ পিছত তেওঁ মানসিক চাপত নৈশ আহাৰ খাবলৈও অস্বীকাৰ কৰিছিল আৰু নোখোৱাকৈয়ে শুবলৈ গৈছিল । বুধবাৰে পুৱা মই তেওঁক মৃত অৱস্থাত উদ্ধাৰ কৰিছিলো ৷

মই লগে লগে চুবুৰীয়াসকলক এই ঘটনাৰ বিষয়ে অৱগত কৰিছিলো । ওচৰ চুবুৰীয়াৰ সহায়ত আমি প্ৰদীপক ছুৰাটৰ নিউ চিভিল হাস্পতাললৈ লৈ গৈছিলো ৷ চিকিৎসালয়ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছিল। প্ৰদীপ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল ৷ প্ৰদীপ প্ৰকৃততে বিহাৰৰ মধুবনী জিলাৰ কোৰাহিয়া গাঁৱৰ বাসিন্দা আছিল ।

আত্মহত্যাই সমাধান নহয়(Suicide is not the solution):

যদি আপোনাৰো মনলৈ আত্মহত্যাৰ প্ৰৱনতা আহে ৷ তেনেহ’লে ততালিকে বন্ধুৰ লগত আলোচনা কৰক, তেওঁৰ লগত আপোনাৰ চিন্তাৰ কাৰণসমূহ আলোচনা কৰক ৷ আপোনাক আবেগিক সমৰ্থনৰ প্ৰয়োজন ৷ স্নেহা ফাউণ্ডেচনক কল কৰক - 04424640050 , টাটা সামাজিক বিজ্ঞান প্ৰতিষ্ঠানৰ হেল্পলাইন- 9152987821৷ এই নম্বৰসমূহ সোমবাৰৰ পৰা শনিবাৰে পুৱা 8 বজাৰ পৰা নিশা 10 বজালৈ উপলব্ধ থাকে।

লগতে পঢ়ক: Attempt to Rape: ছা্ত্ৰীক ধৰ্ষণৰ অপচেষ্টা চলাই আটক অৱসৰপ্ৰাপ্ত শিক্ষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.