ETV Bharat / bharat

Fire at Bru relief camp: জাহ গ’ল 18 টাকৈ অস্থায়ী ঘৰ - quadripartite agreement with Bru migrants

ত্ৰিপুৰাৰ হামচাপাৰা শিবিৰত সংঘটিত হৈছে ভয়াৱহ অগ্নিকাণ্ড ৷ মিজোৰামৰ ব্ৰু প্ৰৱজনকাৰী লোকসকলে বাস কৰি থকা 18 টা অস্থায়ী ঘৰ জাহ গ’ল জুইত ৷

18-huts-burnt-in-bru-relief-camp-at-tripura
Fire at Bru relief camp: জাহ গ’ল 18 টাকৈ অস্থায়ী ঘৰ
author img

By

Published : Nov 20, 2021, 5:33 PM IST

আগৰতলা, ২০ নৱেম্বৰ : এএক অনাকাংখিত ঘটনা ক্ৰমে মিজোৰামৰ ব্ৰু প্ৰৱজনকাৰী লোকসকলে(Bru displaced people of Mizoram ) বাস কৰি থকা ত্ৰিপুৰাৰ হামচাপাৰা শিবিৰত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডৰ ফলত কমেও ১৮ টাকৈ অস্থায়ী ঘৰ ভস্মিভূত হয় ।

হামচাপাৰা সাহায্য শিবিৰটো ত্ৰিপুৰাৰ উত্তৰ জিলাৰ পানীসাগৰ উপ-সংমণ্ডলৰ অধীনত অৱস্থিত । নাম উল্লেখ কৰিব নিবিচৰা এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই ইটিভি ভাৰতক অৱগত কৰা মতে, বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা সংঘটিত হৈছিল । তেওঁ কয়," শিবিৰত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ পৰা সংঘটিত অগ্নিকাণ্ডৰ ফলত প্ৰায় ১৮ টা অস্থায়ী ঘৰ জ্বলি গৈছিল ৷ জুই বিয়পি পৰাৰ পৰা ৰক্ষা কৰাৰ বাবে ওচৰৰ কেইটামান ঘৰ ভাঙিও পেলোৱা হয় ৷"

তেওঁ কয় যে, এই ঘটনাত কোনো লোক আঘাত বা মৃত্যুৰ কোনো খবৰ পোৱা হোৱা নাই । তেওঁ জনাইছিল যে স্থানীয় প্ৰশাসন আৰু আৰক্ষী অধিক প্ৰমাণৰ সন্ধানত ঘটনাস্থলীত আছে ।

মিজোৰাম ব্ৰু ডিচপ্লেচড পিপলছ ফ'ৰামৰ (Mizoram Bru Displaced Peoples Forum) সাধাৰণ সম্পাদক ব্ৰুনো এমছাই কয় যে, ঘটনাটো ৰাতিপুৱা প্ৰায় ৮.৩০ বজাত সংঘটিত হৈছিল । তেওঁ জনায় যে, প্ৰায় ১৭ টা ঘৰ জ্বলি যোৱাৰ লগতে জুই বিয়পি নাযাবৰ বাবে ১১ টা ঘৰ ভাঙি পেলোৱা হৈছিল ।

উল্লেখযোগ্য যে, বিগত বৰ্ষৰ জানুৱাৰীত ভাৰত চৰকাৰ, ত্ৰিপুৰা, মিজোৰামৰ চৰকাৰ আৰু প্ৰব্ৰজনকাৰীসকলৰ মাজত স্বাক্ষৰিত হৈছিল এখন চুক্তি ৷ এই চুক্তি অনুসৰি বৰ্তমান ত্ৰিপুৰাৰ ১১ টা স্থানত ৩২,০০০ ব্ৰু প্ৰব্ৰজনকাৰী(Bru migrants)ক পুনৰ সংস্থাপন কৰা হৈছে ৷ তেওঁলোকৰ বহুতে এতিয়াও শিবিৰত বাস কৰি আছে, কিয়নো পুনৰ্সংস্থাপন কৰিব বিচৰা স্থানসমূহ এতিয়াও নিৰ্মীয়মাণ অৱস্থাত আছে ।

লগতে পঢ়ক : Dept allocation to BTR: হাগ্ৰামাৰ দিনত ৩৯ টা বিভাগ পোৱা BTR লৈ ১৬ টাহে কিয় ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.