ETV Bharat / bharat

১২৫ বছৰীয়া যোগগুৰুৱে গ্ৰহণ কৰিলে পদ্মশ্ৰী - ১২৫ বছৰীয়া যোগগুৰু স্বামী শিৱানন্দক আগবঢ়োৱা হয় পদ্মশ্ৰী বঁটা

নিঃস্বাৰ্থভাৱে মানৱ সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে ১২৫ বছৰীয়া যোগগুৰু স্বামী শিৱানন্দক আগবঢ়োৱা হয় 'পদ্মশ্ৰী' বঁটা (125 year old yoga guru receives Padma Shri)। সোমবাৰে তেওঁ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ পৰা গ্ৰহণ কৰে এই বঁটা । যোগ চৰ্চাৰ লগতে কুষ্ঠ ৰোগীসকলক কৰা সেৱাৰ বাবে তেওঁ আজি সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে ।

Delhi
১২৫ বছৰীয়া যোগগুৰুৱে গ্ৰহণ কৰিলে পদ্মশ্ৰী
author img

By

Published : Mar 22, 2022, 4:45 PM IST

নেশ্যনেল ডেস্ক,২২ মাৰ্চ : সম্প্ৰতি দেশত চৰ্চিত এগৰাকী ব্যক্তি হৈছে ১২৫ বছৰীয়া স্বামী শিৱানন্দ । সোমবাৰে এইগৰাকী যোগগুৰু স্বামী শিৱানন্দক ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে প্ৰদান কৰে পদ্মশ্ৰী বঁটা (125 year old yoga guru receives Padma Shri)। খালী ভৰিৰে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হোৱা যোগগুৰুৰ বঁটা গ্ৰহণৰ ভিডিঅ' সম্প্ৰতি দেশজুৰি ভাইৰেল হোৱা দেখা গৈছে ।

বঁটা গ্ৰহণ পূৰ্বে যোগগুৰু স্বামী শিৱানন্দ যদি ধৰণে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ সন্মুখত আঁঠু কাঢ়ি সেৱা লৈছে সেই দৃশ্যই সকলোকে আপ্লুত কৰি তুলিছে । কেৱল এয়াই নহয় তেওঁৰ কৰ্মৰাজী দেখি দেশৰ প্ৰধানমন্ত্ৰী মোদীয়েও মূৰ দোৱাই তেওঁক অভিৱাদন জনায় ।

Delhi
১২৫ বছৰীয়া যোগগুৰুৱে গ্ৰহণ কৰিলে পদ্মশ্ৰী

উল্লেখ্য যে ১২৫ বছৰ বয়সতো বগা কুৰ্তা আৰু ধুতি পিন্ধি যোগ গুৰুজনে ৰাষ্ট্ৰপতি ভৱনলৈ আহি বঁটা গ্ৰহণ কৰিলে । উপস্থিত সকলোৱে তেওঁক হাত চাপৰিৰে অভিৱাদন জনালে । প্ৰধানমন্ত্ৰীৰ সন্মুখত আঁঠু কাঢ়ি সেৱা লোৱাৰ সময়তে প্ৰধানমন্ত্ৰী মোডীয়েও মাটি স্পৰ্শ কৰি তেওঁক অভিৱাদন জনায় । ইফালে বঁটা গ্ৰহণৰ পূৰ্বে ৰাষ্ট্ৰপতি সন্মুখতো আঁঠু কাঢ়ি সেৱা লোৱাৰ সময়তে ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁক ধৰি উঠাত সহায় কৰি দিয়া দেখা গৈছে । বঁটা প্ৰদানৰ পাছতে ফটো তোলাৰ সময়তে ৰাষ্ট্ৰপতি আৰু যোগ গুৰুৰ মাজত বাৰ্তালাপ হোৱা দেখা গৈছে ।

কিন্তু এইগৰাকী স্বামী শিৱানন্দ আচলতে কোন ? মানৱ কল্যাণৰ বাবে নিজৰ জীৱনৰ কথা চিন্তা নকৰি স্বামী শিৱাানন্দই যোৱা ৫০ বছৰ ধৰি পুৰীত কুষ্ঠ ৰোগীসকলক সেৱা আগবঢ়াই আহিছে । পুৱা যোগ, তেলবিহীন আহাৰ আৰু মানৱজাতিৰ প্ৰতি নিস্বাৰ্থ সেৱাৰ লগতে জীৱনৰ আটাইতকৈ সৰল উপায়বোৰে তেওঁক ৰোগমুক্ত এক জীৱন তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে ।

১৮৯৬ চনৰ ৮ আগষ্টত অবিভক্ত ভাৰতৰ চিলেট জিলাত (বৰ্তমান বাংলাদেশত) জন্ম গ্ৰহণ কৰা স্বামী শিৱাানন্দই (Swami Sivananda born in August 1896) ছয় বছৰ বয়সত মাক আৰু দেউতাকক হেৰুৱায় । দৰিদ্ৰতাৰ বাবে তেওঁৰ পৰিয়ালে বহু সংগ্ৰাম কৰিবলগীয়া হৈছিল । পিতৃ-মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াৰ পাছত তেওঁক পশ্চিমবংগৰ নাবাদৱিপত থকা তেওঁৰ গুৰুজীৰ আশ্ৰমলৈ অনা হৈছিল ।

গুৰু ওমকৰণন্দা গোস্বামীয়ে তেওঁক ডাঙৰ-দীঘল কৰিছিল (Omkarananda Goswami brought up Swami Sivananda), বিদ্যালয়ৰ শিক্ষা অবিহনে যোগকে ধৰি সকলো ব্যৱহাৰিক আৰু আধ্যাত্মিক শিক্ষা প্ৰদান কৰিছিল ।

পদ্ম বঁটা বিজয়ীসকলৰ ওপৰত ৰাষ্ট্ৰপতি ভৱনৰ দস্তাবেজ অনুসৰি তেওঁ আজিলৈকে দেশৰ বিভিন্ন প্ৰান্তত যেনে-বাৰাণসী, পুৰী, হৰিদ্বাৰ, নবদ্দীপ আদিত ইতিমধ্যে দুখীয়া লোকসকলক সেৱা আগবঢ়াই আহিছে । যোৱা ৫০ বছৰ ধৰি, স্বামী শিৱাানন্দই ৪০০-৬০০ কুষ্ঠ ৰোগীক ব্যক্তিগতভাৱে তেওঁলোকৰ জুপুৰিত লগ কৰি সেৱা আগবঢ়াই আহিছে । ৰোগীসকলক তেওঁ ভগৱান জ্ঞান কৰে আৰু তেওঁ খাদ্য সামগ্ৰী, ফল, কাপোৰ, পোছাক, কম্বল, আঁঠুৱা, ৰন্ধনৰ বাচন-বৰ্তন আদি বিভিন্ন সামগ্ৰী প্ৰদান কৰে । আনকো এই ধৰণৰ মানৱীয় কাম কৰিবলৈ উৎসাহিত কৰে ।

তেওঁৰ এনে ধৰণৰ কৰ্মৰাজিয়ে সমগ্ৰ বিশ্বৰে বহু লোককে প্ৰভাৱান্বিত কৰি আহিছে । নৰেন্দ্ৰ মোডী চৰকাৰে এনে বহুতো অখ্যাত নায়কক সন্মান জনাই আহিছে । স্বামী শিৱানন্দই ২০১৯ চনত বেংগালুৰুত যোগ ৰত্ন বঁটাকে ধৰি এতিয়ালৈ বিভিন্ন বঁটা লাভ কৰিছে ।

২০১৯ চনৰ বিশ্ব যোগ দিৱসৰ যোগ প্ৰদৰ্শনত তেওঁ দেশৰ আটাইতকৈ জ্যেষ্ঠ অংশগ্ৰহণকাৰী আছিল । ২০১৯ চনৰ ৩০ নৱেম্বৰত সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ৰেস্পেক্ট এজ ইণ্টাৰনেচনেলৰ দ্বাৰা বসুন্ধৰা ৰতন বঁটাৰে পুৰস্কৃত কৰা হৈছিল ।

লগতে পঢ়ক :কাজিৰঙাৰ উন্নয়নমূলক কামত অভিভূত অক্ষয় কুমাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.