ETV Bharat / bharat

মুম্বাইত ব্লেক ফাংগাছত আক্ৰান্ত ১১১ গৰাকী লোক

কৰ'ণা সংক্ৰমণ লাহে হ্ৰাস পালেও ব্লেক ফাংগাছে ভয়াৱহ ৰূপ লৈছে মায়ানগৰী মুম্বাইত । মুম্বাইত এতিয়ালৈকে মুকৰ্মাইকোচিছ বা ব্লেক ফাংগাছৰ কৱলত পৰিছে ১১১ গৰাকী লোক ।

cases of Mucormycosis
মুম্বাইত ব্লেক ফাংগাছত আক্ৰান্ত ১১১ গৰাকী লোক
author img

By

Published : May 19, 2021, 6:21 PM IST

নেশ্যনেল ডেস্ক,১৯ মে': কৰ'ণাৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত মুকৰ্মাইকোচিছ বা ব্লেক ফাংগাছৰ ঘটনা ক্ৰমে বৃদ্ধি হোৱা দেখা গৈছে । দেশত কৰ'ণা ৰোগীৰ সংখ্যা লাহে লাহে হ্ৰাস পাইছে যদিও আৰোগ্য হোৱা ৰোগীসকল এতিয়া মুকৰ্মাইকোচিছৰ বিপদাশংকাৰ সন্মুখীন হৈছে । মুম্বাইত এতিয়ালৈকে মুকৰ্মাইকোচিছৰ ১১১ টা ঘটনা পোহৰলৈ আহিছে । ৰোগীসকলক কিং এডৱাৰ্ড মেম'ৰিয়েল হাস্পতাল, নায়াৰ হাস্পতাল আৰু কুপাৰ চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে । নাগৰিক সংস্থাই জনোৱা মতে ৰোগীসকলক পৰ্যবেক্ষণত ৰখা হৈছে কিন্তু তেওঁলোক সুস্থিৰ।

ইতিমধ্যে আহমেদ নগৰ জিলাৰ পৰা মুকৰ্মিকোচিছৰ দুটা ঘটনা পোহৰলৈ আহিছে । ইয়াৰে এটা জামখেদৰ পৰা আৰু আনটো শ্ৰীগোণ্ডা তালুকৰ পৰা । জামখেদৰ ৰোগীজন আহমেদনগৰত চিকিৎসাধীন হৈ আছে আনহাতে শ্ৰীগোণ্ডাৰ এজন পুনেত চিকিৎসাধীন হৈ আছে ।

ইফালে উদ্বেগজনকভাৱে জলগাওঁত মুকৰ্মাইকোচিছৰ ১৩ টা ঘটনা পোহৰলৈ আহিছিল আৰু তাৰ ভিতৰত ৬ গৰাকী ৰোগীৰ মৃত্যু হৈছে । আনহাতে নাগপুৰৰ চৰকাৰী দন্ত মহাবিদ্যালয় আৰু চিকিৎসালয়ত ৪০ জনৰো অধিক ৰোগীৰ চিকিৎসা চলি আছে ।

উল্লেখ যে ব্লেক ফাংগাছে নাক, চকু আদিত সংক্ৰমিত হয় আৰু অৱশেষত মগজুৰ আৱৰণত সোমাই । সময় মতে ইয়াৰ চিকিৎসা নহ'লে ৰোগীৰ মৃত্যু হয় ।

লগতে পঢ়ক:বাৰ্জ দুৰ্ঘটনা:আৰৱ সাগৰত উদ্ধাৰ ১৪ টা মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.