ETV Bharat / bharat

Literacy test : ১০০ৰ ভিতৰত ৮৯ নম্বৰ লাভ কৰিলে ১০৪ বছৰীয়া আইতাই

author img

By

Published : Nov 16, 2021, 12:39 PM IST

বয়সে ১০০ৰ ঘৰ অতিক্ৰম কৰিলে । তথাপিও পঢ়াৰ প্ৰতি হেঁপাহ আছে কেৰালা(Kerala)ৰ ১০৪ বছৰীয়া কুট্টিয়াম্মাৰ । কেতিয়াও বিদ্যালয়লৈ নোযোৱা বৃদ্ধাগৰাকীয়ে শেহতীয়াকৈ ঘৰতে পঢ়িবলৈ আৰম্ভ কৰিছিল । এতিয়া সাক্ষৰতা অভিযানৰ পৰীক্ষা(Literacy Mission's Test)ত ১০০ৰ ভিতৰত ৮৯ নম্বৰ লাভ কৰিছে ১০৪ বছৰীয়া কুট্টিয়াম্মা(Kuttiyamma)ই ।

104 year old woman scores 89 out of 100 in literacy test
কেৰালাৰ ১০৪ বছৰীয়া বৃদ্ধাৰ চমক

নেশ্যনেল ডেস্ক, ১৬ নৱেম্বৰ: বয়সে হাৰ মনাব নোৱাৰা কেৰালা(Kerala)ৰ ১০৪ বছৰীয়া কুট্টিয়াম্মা(Kuttiyamma) এতিয়া অনুপ্ৰেৰণা হৈ পৰিছে সকলোৰে বাবে । শেহতীয়াকৈ কোট্টায়াম(Kottayam) জিলাৰ আয়াৰ্কুন্নাম পঞ্চায়তত অনুষ্ঠিত হোৱা সাক্ষৰতা অভিযানৰ পৰীক্ষা(Literacy Mission's Test)ত ১০০ৰ ভিতৰত ৮৯ নম্বৰ লাভ কৰিছে বৃদ্ধাগৰাকীয়ে । কেতিয়াও বিদ্যালয়ৰ চৌহদ গচকি নোপোৱা বৃদ্ধাগৰাকীয়ে শেহতীয়াকৈ ঘৰতে পঢ়িবলৈ আৰম্ভ কৰিছিল ।

কুট্টিয়াম্মা কোট্টায়াম থিৰুভাঞ্চুৰ আয়াৰ্কুন্নাম পঞ্চায়তৰ বাসিন্দা । এতিয়া সাক্ষৰতাৰ পৰীক্ষাত ১০০ৰ ভিতৰত ৮৯ নম্বৰ লাভ কৰি চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ যোগ্যতা অৰ্জন কৰিছে কুট্টিয়াম্মাই । ২০০২ চনত তেওঁৰ স্বামী টি কে কন্থিৰ মৃত্যু হৈছিল । কিছুদিন পূৰ্বে কুট্টিয়াম্মাই ঘৰতে সাক্ষৰতাৰ শ্ৰেণী(literacy classes)ত পঢ়িবলৈ আৰম্ভ কৰিছিল । শিক্ষয়িত্ৰী ৰেহনা(Rehna)ই তেওঁক পাঠদান কৰাইছিল ।

কুট্টিয়াম্মাই জনোৱা মতে, শিক্ষয়িত্ৰীগৰাকীয়ে তেওঁক মালায়ালম ভাষাত চিঠি পঢ়া আৰু লিখা আদি সকলো শিকাইছিল । আনহাতে, শিক্ষয়িত্ৰী ফেহৰা জনে(Fehra John) কয়, কুট্টিয়াম্মাই এতিয়া সুন্দৰকৈ চিঠি লিখিব পাৰে আৰু তেওঁ যথেষ্ট সুখী । কুট্টিয়াম্মাই প্ৰাৰ্থনা গায় আৰু দৈনিক বাতৰি কাকত পঢ়ে ।

কেৰালা ৰাজ্যিক সাক্ষৰতা মিছন কৰ্তৃপক্ষ হৈছে কেৰালা চৰকাৰৰ সাধাৰণ শিক্ষা বিভাগৰ অধীনৰ এক স্বায়ত্ব শাসিত প্ৰতিষ্ঠান । এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে নিৰন্তৰ শিক্ষাৰ জৰিয়তে সাক্ষৰতা, দক্ষতা বিকাশ কৰা । লগতে পঢ়িবলৈ আগ্ৰহী প্ৰতিজন লোকক সুযোগ প্ৰদান কৰা, শিক্ষাৰ্থীসকলক তেওঁলোকৰ দৈনন্দিন জীৱনত তেওঁলোকৰ শিক্ষাৰ ব্যৱহাৰ কৰিবলৈ সক্ষম কৰা আৰু সমগ্ৰ কেৰালালৈ মাধ্যমিক পৰ্যায়ৰ শিক্ষা নিশ্চিত কৰা । নিৰক্ষৰ, নতুনকৈ শিক্ষা লাভ কৰা লোক, বিদ্যালয় এৰি যোৱা আৰু আজীৱন শিক্ষাৰ প্ৰতি আগ্ৰহী লোকসকলক এই কাৰ্যসূচীত সামৰি লোৱা হৈছে ।

লগতে পঢ়ক:Tripura violence : দুই মহিলা সাংবাদিকক জামিন আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.