ETV Bharat / bharat

45 টা শিশুসহ 100 জন লোক খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত - ৰাজস্থানত 45 টা শিশু খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত

এক বিবাহ অনুষ্ঠানত খাদ্য গ্ৰহণ কৰাৰ পাচতে খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হৈছে 45 টা শিশুসহ প্ৰায় 100 জন লোক ৷ প্ৰায় চাৰিগৰাকীকৈ কন্যাৰ বিবাহ উপলক্ষে এজন ব্যক্তিয়ে আয়োজন কৰিছিল বিশাল ভোজৰ ৷ উক্ত বিবাহ অনুষ্ঠানত খাদ্য গ্ৰহণ কৰাৰ পাচতে বিষক্ৰিয়াত ভোগে লোকসকলে ৷

100 people, including 45 children suffer food poisoning in Rajasthan
ৰাজস্থানত 45 টা শিশুসহ 100 জন লোক খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত
author img

By

Published : Sep 2, 2021, 12:42 PM IST

নেশ্যনেল ডেস্ক , 2 ছেপ্তেম্বৰ : বিবাহ অনুষ্ঠানত খাদ্য গ্ৰহণ কৰি বিষক্ৰিয়া(food poisoning)ত ভূগিবলগীয়া হৈছে 45 টা শিশুসহ প্ৰায় 100 জন লোক ৷ প্ৰাপ্ত তথ্য অনুসৰি, অসুস্থ হৈ পৰাৰ পাচতে আটাইকেইজনকে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ কিন্তু হাস্পতালত বিচনাৰ অভাৱৰ বাবে আক্ৰান্তসকলৰ বহুকেইজনক মজিয়াতে চিকিৎসা প্ৰদান কৰিবলগীয়া হৈছে ৷

লগতে পঢ়ক : ৰাষ্ট্ৰীয় পশুৰ মৰ্যাদা দিব লাগে গৰুক: এলাহবাদ হাই ক'ৰ্ট

বুধবাৰে ৰাজস্থান(Rajasthan)ৰ চুৰু(Churu) জিলাত এই ঘটনা সংঘটিত হৈছে ৷ জিলাখনৰ চৰ্দাৰ চহৰ(Sardarshahr)ত এক বিবাহৰ অনুষ্ঠান অনুষ্ঠিত হৈছিল ৷ চাৰিগৰাকীকৈ কন্যাৰ একেদিনাই বিবাহ সম্পন্ন হোৱা উপলক্ষে তেওঁলোকৰ পিতৃয়ে এক বিশাল ভোজৰ আয়োজন কৰিছিল ৷

লগতে পঢ়ক : Poster politics : হিন্দু দেৱ-দেৱতাৰ ৰূপত প্ৰকাশ ৰাজনৈতিক নেতাক

ঘটনাৰ বিৱৰণী অনুসৰি, খাদ্য গ্ৰহণ কৰাৰ প্ৰায় 4 ঘণ্টাৰ পিছত বহু কেইজন লোক পেটৰ বিষ(stomach pain), বমি(vomiting) আৰু ডায়েৰিয়া(diarrhoea)ত আক্ৰান্ত হয় ৷

খাদ্যৰ বিষক্ৰিয়াৰ ফলত তেওঁলোকৰ বহুতৰে স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটাত তেওঁলোকক মিনিবাছ আৰু অট’ আদিত ৰাজ্যিক চিকিৎসালয়লৈ নিয়া হয় ৷ উল্লেখ্য যে, ঘটনাৰ পাচতে চিকিৎসালয়খনত এক বিশাল জন সমাগমৰ সৃষ্টি হয় ৷

লগতে পঢ়ক : জম্মু আৰু কাশ্মীৰত 1200 বছৰ পুৰণি দুৰ্গা মূৰ্তি উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.