ETV Bharat / bharat

Parliament Special Session 2023: পুৰণি সংসদ ভৱনক ৰোমন্থন কৰি নষ্টালজিক হৈ পৰিল সাংসদ

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 2:06 PM IST

Updated : Sep 18, 2023, 3:36 PM IST

এতিয়াৰে পৰা সদনৰ কাম কাজ আৰম্ভ হয় নতুন সংসদ ভৱনত ৷ পুৰণি সংসদ ভৱনটোক ৰোমন্থন কৰি নষ্টজিক হৈ পৰিল বহু সাংসদ ৷ 10 গৰাকীকৈ মহিলা সাংসদে পুৰণি সংসদ ভৱনটোক ৰোমন্থন কৰি ব্যক্ত কৰিলে মনৰ অনুভৱ ৷

Parliament Special Session 2023
নতুন সংসদ ভৱন

নেশ্যনেল ডেস্ক, 18 ছেপ্টেম্বৰ: সদনৰ বিশেষ অধিৱেশন আৰম্ভ হ’ব সোমবাৰৰে পৰা আৰম্ভ ৷ মংগলবাৰৰে পৰা নতুন সংসদ ভৱনত আৰম্ভ হ’ব সদনৰ কাম কাজ ৷ নতুন সংসদ ভৱনটোত মহিলা সাংসদসকলে হাতে লিখা এখন টোকাত পুৰণি সংসদ ভৱনৰ পৱিত্ৰ হলসমূহৰ মাজেৰে সংসদ সদস্য হিচাপে তেওঁলোকৰ যাত্ৰাৰ নষ্টালজিয়াৰ বাৰ্তা শ্বেয়াৰ কৰে । টোকাটোত কেন্দ্ৰীয় মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ স্মৃতি ইৰাণীয়ে ‘শুভকামনা’ লিখিছে, আনহাতে শিৱসেনাৰ (ইউ বি টি)ৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে এই ঐতিহাসিক ভৱনটোৰ তীব্ৰ বিতৰ্ক আৰু ব্যাঘাতৰ সংখ্যাৰ কথা মনত পেলাইছে ।

আজিৰ পৰা সংসদৰ বিশেষ অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ বিধায়িনী দলে নতুন কমপ্লেক্সলৈ যাবলৈ সাজু হৈছে । মহিলা সাংসদসকলে হাতেৰে লিখা টোকাত পুৰণি সংসদ ভৱনৰ পবিত্ৰ হলসমূহৰ মাজেৰে সংসদ সদস্য হিচাপে তেওঁলোকৰ যাত্ৰাৰ নষ্টালজিয়াৰ বাৰ্তা শ্বেয়াৰ কৰিছিল । কেন্দ্ৰীয় মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ স্মৃতি ইৰাণীয়ে তেওঁৰ টোকাত 'শুভকামনা' লিখিছে, আনহাতে শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে এই ঐতিহাসিক অট্টালিকাটোৰ তীব্ৰ বিতৰ্কৰ কথা মনত পেলাই দিয়ে ।

নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ সাংসদ সুপ্ৰিয়া চুলেয়ে নিজৰ ভোটাৰসকললৈ ধন্যবাদ জ্ঞাপন কৰে । অট্টালিকাটোত অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ দিয়াৰ বাবে তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে । মহাৰাষ্ট্ৰ আৰু বাৰামাটিৰ জনসাধাৰণে তেওঁক বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ অংশ হোৱাৰ সুযোগ দিয়াৰ বাবে আৰু পুৰণি সংসদ ভৱনৰ অধিৱেশনত অংশগ্ৰহণ কৰাৰ বাবে ধন্য আৰু কৃতজ্ঞতা প্ৰকাশ কৰে ।

আকালি দলৰ সাংসদ হৰসিমৰত কৌৰ বাদলেও নিজৰ অনুভৱ ব্যক্ত কৰে ৷ কেন্দ্ৰীয় মন্ত্ৰী তথা আপনা দলৰ সাংসদ অনুপ্ৰিয়া পেটেলে সংসদ ভৱনৰ প্ৰথম দিনটোৰ অভিজ্ঞতা ব্যক্ত কৰিছে এনেদৰে, "মই গভীৰভাৱে অনুভৱ কৰিব পাৰিলোঁ যে মই এটা ঐতিহাসিক অট্টালিকাত প্ৰৱেশ কৰিছো, য'ত ভাৰতে 1947 চনৰ 15 আগষ্টত স্বাধীনতা লাভ কৰা, আমাৰ সংবিধানৰ ফ্ৰেমৱৰ্ক আৰু আমাৰ দেশৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ বিৱৰ্তন আৰু শক্তিশালীকৰণ দেখিছিল ।"

তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মইত্ৰাৰ মতে, পুৰণি সংসদ ভৱনে তেওঁৰ হৃদয়ত দখল কৰি থাকিব বিশেষ স্থান । এই ভৱনটোক তেওঁ ‘প্ৰথম ঘৰ’ হিচাপে ভাবে বুলি কয় । ঐতিহাসিক তাৎপৰ্য সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি কংগ্ৰেছৰ সাংসদ ৰম্য হৰিদাসে এই ভৱনটোক ‘গণতন্ত্ৰৰ ৰাজপ্ৰসাদ’ বুলি অভিহিত কৰে ৷

লগতে পঢ়ক: Parliament Special Session 2023: সংসদৰ বিশেষ অধিৱেশনত দাখিল কৰা হ’ব মহিলা সংৰক্ষণ বিধেয়ক

Last Updated : Sep 18, 2023, 3:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.