ETV Bharat / bharat

Dual Firecracker Factory Explosions: দুটাকৈ আতচবাজীৰ উদ্যোগত বিস্ফোৰণ, 10 গৰাকী শ্ৰমিকৰ মৃত্যু - Tamilnadu tragedy

দীপাৱলী উপলক্ষে ভীষণ ব্যস্ততা আচতবাজীৰ উদ্যোগসমূহত ৷ ইয়াৰ মাজতে তামিলনাডুৰ শিৱকাশীত দুটা স্থানত দুটা পৃথক আতচবাজী উদ্যোগত বিস্ফোৰণ সংঘটিত হয় ৷ এই বিস্ফোৰণত 10 গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 15 জনৰো অধিক শ্ৰমিক আহত হৈছে ৷

দুটাকৈ আতচবাজীৰ উদ্যোগত বিস্ফোৰণ, 10 গৰাকী শ্ৰমিকৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 5:50 PM IST

নেশ্যনেল ডেস্ক, 17 অক্টোবৰ : তামিলনাডুত শোকাৱহ ঘটনা ৷ মঙলবাৰৰ দিনটোতেই দুটাকৈ আতচবাজী উদ্যোগত বিস্ফোৰণ ৷ এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনাত 10 গৰাকী লোকৰ মৃত্যু হোৱাৰ পৰিৱৰ্তে 15 জনৰো অধিক শ্ৰমিক আহত হয় ৷

ঘটনাৰ বিৱৰণী অনুসৰি, তামিলনাডুৰ বিৰুধুনগৰৰ সমীপৰ শিৱকাশীৰ দুটা পৃথক আতচবাজী উদ্যোগত বিস্ফোৰণ সংঘটিত হয় ৷ প্ৰথমটো বিস্ফোৰণ এম. বুধুপট্টি ৰেংগোপালায়ামত অৱস্থিত কানিষ্কাৰ আতচবাজী কাৰখানাত সংঘটিত হয় ৷ এই উদ্যোগটোত 15 জনৰো অধিক শ্ৰমিক কৰ্মৰত হৈ আছিল ৷ ইয়াৰে 9 গৰাকী শ্ৰমিক ঘটনাস্থলীতেই অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰে ৷ মৃত লোককেইজন হ’ল ভক্যম (35), মহাদেৱী (50), পঞ্চবৰ্ণম (35), বালামুৰুগান (30), তামিলচেলভি (55), মুনীশ্বৰী (32), থাংগামালাই (33), অনিতা (40) আৰু গুৰুভাম্মল (55) ৷

আনহাতে দ্বিতীয়টো বিস্ফোৰণ ৰেড্ডিয়াপট্টি অঞ্চলত অৱস্থিত মুথু বিজয়নৰ মালিকানাধীন এটা আতচবাজী কাৰখানাত সংঘটিত হয় ৷ এই বিস্ফোৰণটোত ভেম্বু নামৰ এজন শ্ৰমিকে জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱায় ৷ ইয়াৰ বিপৰীতে কেইবাজনো শ্ৰমিক আহত হয় ৷

লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আপৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ৷ উদ্ধাৰকাৰী দলে ততালিকে আহত কৰ্মচাৰীসকলক উদ্ধাৰ কৰি নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰে ৷ জানিব পৰামতে ইয়াৰে 5 গৰাকী শ্ৰমিকৰ অৱস্থা সংকটজনক ৷

ইতিমধ্যে দুয়োটা ঘটনা সন্দৰ্ভত আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে ৷ আৰক্ষীয়ে পৰৱৰ্তী সময়ত এনে দুৰ্ঘটনা পুনৰায় সংঘটিত নহ’বলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে ঘটনাদ্বয়ৰ আঁৰৰ কাৰণ জানিবলৈ তদন্ত অব্যাহত ৰাখিছে ৷ এই ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: Viral Video: বিষয়াৰ চকীত বহি বান্দৰে লুটিয়াইছে ফাইল...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.