ETV Bharat / bharat

উত্তৰকাশীত হিমস্খলন হৈ ১০ গৰাকী পৰ্বতাৰোহীৰ মৃত্যু

author img

By

Published : Oct 4, 2022, 6:38 PM IST

উত্তৰাখণ্ডৰ উত্তৰকাশী শৃংগত হিমস্খলন হৈ 10 গৰাকী পৰ্বতাৰোহীৰ মৃত্যু হয় (10 mountaineers killed in Uttarkashi avalanche)৷ লগতে আন কেইবাজনো পৰ্বতাৰোহী হিমস্খলনৰ মাজত আৱদ্ধ হৈ আছে বুলি আশংকা কৰিছে (10 mountaineers of Nehru Mountaineering Institute ) ৷

10 mountaineers of Nehru Mountaineering Institute killed in Uttarkashi avalanche
উত্তৰকাশীত হিমস্খলন হৈ ১০ পৰ্বতাৰোহীৰ মৃত্যু

নেশ্যনেল ডেস্ক, 4 অক্টোবৰ: উত্তৰাখণ্ডত অঘটন ৷ মঙলবাৰে উত্তৰাখণ্ডৰ উত্তৰকাশী শৃংগত হিমস্খলন হৈ 10 গৰাকী পৰ্বতাৰোহীৰ মৃত্যু হয় (10 mountaineers killed in Uttarkashi avalanche)৷ লগতে আন কেইবাজনো পৰ্বতাৰোহী হিমস্খলনৰ মাজত আৱদ্ধ হৈ আছে বুলি আশংকা কৰিছে (10 mountaineers of Nehru Mountaineering Institute ) ৷

জানিব পৰামতে, নেহৰু ইনষ্টিটিউট অৱ মাউন্টেনিয়াৰিং (এনআইএম)ৰ (Nehru Mountaineering Institute ) অধ্যক্ষ কৰ্ণেল অমিত বিষ্টে কয় যে, প্ৰতিষ্ঠানখনৰ ৩৪ জনীয়া প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহী আৰু সাতজন প্ৰশিক্ষকৰ এটা দল উভতি অহাৰ সময়তে পুৱা 8.45 বজাত হিমস্খলনৰ ঘটনা সংঘটিত হৈছিল ৷ উত্তৰকাশী দুৰ্যোগ ব্যৱস্থাপনা বিষয়া দেৱেন্দ্ৰ পাটৱালে (Uttarkashi Disaster Management Officer Devendra Patwal ) জনোৱা অনুসৰি আৱদ্ধ সকলৰ ভিতৰত আঠজনক উদ্ধাৰ কৰা হৈছে ৷

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ইণ্ডো-তিব্বত সীমান্ত আৰক্ষী আৰু এনআইএমৰ পৰ্বতাৰোহীৰ এটা দলে ইতিমধ্যে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷

হিমস্খলনত আৱদ্ধ প্ৰশিক্ষাৰ্থীসকলক উদ্ধাৰ কৰিবলৈ ডেৰাডুনৰ সহস্ৰধাৰা হেলিপেডৰ পৰা এছডিআৰএফৰ এটা দলে ৰাওনা হৈছে ৷ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে (Chief Minister Pushkar Singh Dhami) এই অঘটন সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ (Defence Minister Rajnath Singh) সৈতে কথা পাতিছে আৰু উদ্ধাৰ অভিযান ত্বৰান্বিত কৰিবলৈ সেনাৰ পৰা সহায়ৰ বাবে অনুৰোধ কৰিছে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰয়োজনত সকলো সহায় আগবঢ়োৱাৰ আশ্বাস দিছে ৷ উদ্ধাৰকাৰী দলে আৱদ্ধ হৈ থকা প্ৰশিক্ষাৰ্থীসকলক উদ্ধাৰ কৰিবলৈ যৎপৰোনাস্তি প্ৰয়াস কৰিছে ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোৰে সুৰক্ষা আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা কৰিছো বুলি টুইট কৰে ৷

ইফালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও টুইটাৰযোগে প্ৰাণ হেৰুওৱাৰ সন্দৰ্ভত দুখ প্ৰকাশ কৰে ৷ পৰিয়ালৰ সদস্যসকলক হেৰুওৱা শোকসন্তপ্ত পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰে ৷

লগতে পঢ়ক: জম্মু আৰু ৰাজাউৰীত মোবাইল ডাটা সেৱা অস্থায়ীভাৱে কৰ্তন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.