ETV Bharat / bharat

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি - top ten news

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি...

1 pm top ten news
1 pm top ten news
author img

By

Published : Jan 9, 2021, 12:58 PM IST

100+ আসন দখলৰ লক্ষ্যৰে গোলাঘাটত বিজেপিৰ সদস্যভৰ্তি অভিযান

সমাগত নিৰ্বাচনত শতাধিক আসন লাভৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে আৰম্ভ কৰিছে মিছন 100+ ৷ সেই লক্ষ্যত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে বিজেপিয়ে আৰম্ভ কৰিছে সদস্যভৰ্তি অভিযান ৷ এই অভিযানৰ অংশস্বৰূপে গোলাঘাটত গেৰুৱা বাহিনীয়ে শনিবাৰে অনুষ্ঠিত কৰিছে সদস্য যোগদানৰ বিশাল কাৰ্যসূচী ৷ উক্ত কাৰ্যসূচীত উপস্থিত থাকিব নেডাৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মা, ন বিজেপি অজন্তা নেওগকে ধৰি দলটোৰ বহু কেইগৰাকী জ্যেষ্ঠ নেতা-দলীয় কৰ্মী ৷

COVID-19: ভাৰতত 1,04,31,639 লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

শনিবাৰলৈ দেশত কৰ'ণা মহামাৰীৰ আক্ৰান্ত মুঠ লোকৰ সংখ্যা বৃদ্ধি পায় 1,04,31,639 গৰাকীলৈ ৷ আনহাতে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পায় 1,50,798 গৰাকীলৈ ৷ অৱশ্যে আৰোগ্য লাভ কৰা লোকৰ সংখ্যা মুঠ আক্ৰান্তৰ সংখ্যাৰ 96.41 শতাংশ হোৱাৰ বিপৰীতে মৃত্যুৰ 1.45 শতাংশ ৷

ৰাইজৰ দলৰ সভাপতি পদত অখিল গগৈ

ঐক্যবদ্ধ, আপোচবিহীন, প্ৰগতিশীল, জাতীয়তাবাদী আঞ্চলিকতাবাদ গঢ়ি তোলাৰ উদ্দেশ্যে জন্ম লাভ কৰিছিল ৰাইজৰ দলে ৷ দলটোৰ প্ৰথমখন ৰাজ্যিক অভিৱর্তন 7 জানুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ৷

মিৰাটত ক’ভিড 19ৰ নতুন প্ৰবাহত আক্ৰান্ত চাৰি মহিলা

উত্তৰ প্ৰদেশৰ মিৰাটত ক’ভিড 19ৰ নতুন প্ৰবাহত আক্ৰান্ত 4 গৰাকী মহিলা ৷ মহিলা কেইগৰাকী মিৰাটৰ মেন্ট্ৰ’পলিচৰ বলৱন্ত এনক্লেভৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷ এই অট্টালিকাটোতে পোন প্ৰথমবাৰৰ বাবে এজনী কনমানিৰ দেহত এই নতুন প্ৰবাহৰ লক্ষ্যণ দেখিবলৈ পোৱা গৈছিল ৷

সন্মুখত ভোগালী:পূৰ্ণ প্ৰস্তুতি ৰূপহীহাটত

সন্মুখত ভোগৰ উৎসৱ ভোগালী ৷ বিগত বৰ্ষত কা আন্দোলনৰ বাবে ৰাজ্যবাসীয়ে ভোগালীক উদযাপন কৰিব পৰা নাছিল যদিও এইবেলি কৰ’ণাৰ মাজতো পূৰ্ণদ্যমে চলিছে ভোগালীক আদৰাৰ প্ৰস্তুতি ৷ সমান্তৰালকৈ ভোগালীক আদৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলাইছে নগাঁৱৰ ৰূপহীহাট বাসীয়েও ৷

আছুক অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন ৰখাৰ আহ্বান বিধায়ক সত্যব্ৰত কলিতাৰ

‘‘আছু এটা অৰাজনৈতিক সংগঠন ৷ গতিকে আছুৱে সদায় নিজৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন ৰখা উচিত ৷ ’’ আছুৰ সম্পাদকৰ মন্তব্য সন্দৰ্ভত এই মন্তব্য বিধায়ক সত্যব্ৰত কলিতাৰ ৷

এজাক কণমানিৰ কণ্ঠত চাৰে জাহা চে অচ্ছা...

অৰুণাচল প্ৰদেশৰ বিজয় নগৰৰ কণ কণ শিশুৰ এক ভিডিঅ’ শ্বেয়াৰ কৰিছে বায়ুসেনাই ৷ ভাৰতীয় বায়ুসেনাৰ মুখ্য এয়াৰ মাৰ্চেল আৰ কে এছ ভাদুৰীয়াই ৩ দিনীয়া ভ্ৰমণসূচীৰে অৰুণাচলত উপস্থিত হৈ ইষ্টাৰ্ণ কামাণ্ডৰ এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ডসমূহ পৰিদৰ্শন কৰাৰ সময়তে বিজয়নগৰ এডভাঞ্চ লেণ্ডিঙত বায়ুসেনাৰ মুখ্য এয়াৰ মাৰ্চেল গৰাকীৰ লগত এজাক শিশুৱে বাৰ্তালাপত মিলিত হয় ৷

সমগ্ৰ দেশতে লাভ জেহাদৰ বিৰুদ্ধে আইন প্ৰৱৰ্তন হোৱা উচিত : প্ৰজ্ঞা ঠাকুৰ

নম্ৰতা মিশ্ৰাৰ মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শুকুৰবাৰে বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰে সমগ্ৰ দেশতে লাভ জেহাদৰ বিৰুদ্ধে আইন প্ৰৱৰ্তন হ’ব লাগে বুলি দাবী জনায় ৷ মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ চৰকাৰে ইতিমধ্যে লাভ জেহাদৰ বিৰুদ্ধে আইন বলবৎ কৰাক লৈ প্ৰস্তুতি চলাইছে ৷

প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

শনিবাৰে প্ৰবাসী ভাৰতীয় দিৱস সন্মিলনৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ 2021 বৰ্ষৰ প্ৰবাসী ভাৰতীয় দিৱস সন্মিলনৰ বিষয়বস্তু হ’ল ‘আত্মনিৰ্ভৰ ভাৰতলৈ অবদান’ ৷

শদিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

শদিয়াৰ মেগেলা গাঁৱত সংঘটিত পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাৰ ফলত আহত হৈছে 16 গৰাকীকৈ লোক ৷ আহতসকলক স্থানীয় লোকে উদ্ধাৰ কৰি চপাখোৱা গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱায় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.