ETV Bharat / bharat

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি - দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি...

1 pm top ten news
1 pm top ten news
author img

By

Published : Jan 8, 2021, 12:59 PM IST

চাৰিদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত জিতেন্দ্ৰ সিং

শুকুৰবাৰে গুৱাহাটীত আহি উপস্থিত হৈছে অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ৷ চাৰিদিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা সিঙে দলীয় কৰ্মকৰ্তাৰে কেইবাখনো বৈঠকত মিলিত হোৱাৰ উপৰিও কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷

কমল কুমাৰ মেধি হ'ব নেকি "ৰাইজৰ দল"ৰ সভাপতি ?

মৰাণৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে অসমৰ নতুনকৈ ঘোষণা হোৱা আঞ্চলিক দল 'ৰাইজৰ দল'ৰ ৰাজ্য়িক অভিৱৰ্তন । অভিৱৰ্তনত "ৰাইজৰ দল"ৰ কেন্দ্ৰীয় সমিতিৰ নাম আনুষ্ঠানিক ভাৱে ঘোষণা হ'ব । অখিল গগৈৰ অনুপস্থিতিত কোনে দায়িত্ব ল'ব দলটোৰ সভাপতিৰ, তাকলৈ বিভিন্ন মহলত চৰ্চা অব্য়াহত ।

সোণোৱাল চৰকাৰে ভয় কৰে অখিল গগৈক : প্ৰদ্যুৎ বৰদলৈ

অখিল গগৈ সন্দৰ্ভত প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য, বিজেপি চৰকাৰে আক্ৰোশমূলকভাৱে বন্দী কৰি ৰাখিছে কৃষক নেতা জনক ৷

আলফা(স্বা)-চৰকাৰৰ শান্তি আলোচনা সন্দৰ্ভত মন্তব্য অনুপ চেতিয়াৰ

বিগত মাৰ্চ মাহৰ পৰা স্থবিৰ হৈ আছে আলফা(স্বা)-চৰকাৰৰ শান্তি আলোচনা ৷ ওদালগুৰি জিলাৰ টংলাৰ অন্তৰ্গত কছাৰীতল গাঁৱৰ এক কাৰ্যসূচীত উপস্থিত থাকি আলফা(স্বা)-চৰকাৰৰ শান্তি আলোচনা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিলে আলোচনাপন্থী আলফা(স্বা) নেতা অনুপ চেতিয়াই ৷

টিংখাঙত উন্নয়নৰ ওলোটা স্বৰূপ

যিসময়ত চৰকাৰে আৰ্থিকভাৱে দুৰ্বল লোকৰ বাবে বহু অভিলাষী আঁচনি গ্ৰহণ কৰিছে, তেনে সময়ত আৰ্থিক দীনতাৰ বাবে ঠেলাৰে নিজ ভাতৃক চিকিৎসালয়লৈ নিবলগীয়া হ'ল টিংখাঙৰ এটা পৰিয়ালে ৷

ইষ্টাৰ্ণ এয়াৰ কামাণ্ড পৰিদৰ্শন বায়ুসেনা প্ৰধানৰ

বিগত 5ৰ পৰা 7 জানুৱাৰীলৈ ভাৰতীয় বায়ু সেনাৰ চীফ অব এয়াৰ ষ্টাফ, এয়াৰ চীফ মাৰ্চেল আৰ.কে.এছ ভাদুৰীয়াই ইষ্টাৰ্ণ এয়াৰ কামাণ্ড অঞ্চলৰ এয়াৰ ফ’ৰ্চ ষ্টেচন আৰু এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ডসমূহ পৰিদৰ্শন কৰে ৷

দেৱ-দেৱীৰ নামত বিজ্ঞাপন প্ৰচাৰত নিষেধাজ্ঞা বোম্বে উচ্চ ন্যায়ালয়ৰ

বোম্বে উচ্চ ন্যায়ালয়ত ঔৰংগাবাদৰ বিচাৰপীঠে বিভিন্ন সংবাদ মাধ্যমত দেৱ-দেৱীৰ নামত বিজ্ঞাপন প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰে ৷ বিচাৰপতি টি.ভি নালাৱাদে আৰু এম.এছ সেৱালিকাৰে এই নিষেধাজ্ঞাৰ শুনানি জাৰি কৰে ৷

মাৰ্কিন কেপিট'ল হিলৰ হিংসাত্মক কাণ্ডক গৰিহণা দিলে ড'নাল্ড ট্ৰাম্পে

অৱশেষত মাৰ্কিন কেপিট'ল হিলৰ ভিতৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাক গৰিহণা দিলে ড'নাল্ড ট্ৰাম্পে । বুধবাৰে ট্ৰাম্পৰ সমৰ্থকে প্ৰতিবাদ কৰিবলৈ গৈ কেপিট'ল হিলৰ ভিতৰত প্ৰৱেশ কৰি অশান্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল । ইয়াৰ পৰণতিস্বৰপে প্ৰতিবাদকাৰীয়ে নিৰাপত্তাৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল ।

‘কা’ৰ বিৰোধিতা কৰা বিদ্যাসাগৰৰ এইবাৰ ওলোটা খৰ !

মাজুলীত উপস্থিত হৈ ‘কা’ক সমৰ্থন কণ্ঠশিল্পী বিদ্যাসাগৰৰ ৷ প্ৰাণৰ ভাবুকি দি তেওঁক ‘কা’ আন্দোলনলৈ লৈ যোৱা বুলি বিস্ফোৰক মন্তব্য কৰে কণ্ঠশিল্পী গৰাকীয়ে ৷

ৰাইজৰ দলৰ অভিৱৰ্তনৰ প্ৰতিনিধি সভাত গৃহীত দলীয় সংবিধান

ৰাইজৰ দলৰ ৰাজ্যিক অভিৱৰ্তনৰ প্ৰতিনিধি সভাত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হয় ৷ ৰাজ্যৰ প্ৰায় পাঁচ হাজাৰৰো অধিক প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত গৃহীত হয় ৰাইজৰ দলৰ সংবিধান ৷ প্ৰতিনিধি সভাত স্থান পাইছে অখিল গগৈৰ জামিন, কা আন্দোলনৰ প্ৰসংগ ইত্যাদি ৷ অভিৱৰ্তনস্থলীৰ পৰাই সোণোৱাল চৰকাৰে জুইৰ সৈতে খেলা কৰা বুলি মন্তব্য কৰি চৰকাৰক সকীয়নী ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক ৰুবুল দাসৰ ৷ ন্যায়পালিকাকো কাৰ্যপালিকাই প্ৰবাবান্বিত কৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে ৰাজ্যিক আহ্বায়ক গৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.