ETV Bharat / snippets

প্ৰাক্তন সাংসদ প্ৰয়াত ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ পত্নীৰ দেহাৱসান

Wife of Iswar Prasanna Hazarika
প্ৰাক্তন সাংসদ প্ৰয়াত ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ পত্নীৰ দেহাৱসান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 10:38 PM IST

লখিমপুৰ, 20 জুলাই : প্ৰয়াত প্ৰাক্তন সাংসদ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ পত্নীৰ বিয়োগ । লখিমপুৰৰ নিবাসী প্ৰাক্তন সাংসদ প্ৰয়াত ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ পত্নী ছায়া হাজৰিকাৰ (৮১) শনিবাৰে দিল্লীৰ ওখলাৰ ফৰ্টিচ হাস্পতালত বিয়োগ হয় ৷ বিগত প্ৰায় দুবছৰ ধৰি তেওঁ এক গুৰুতৰ ৰোগত আক্ৰান্ত হৈ আছিল ৷ উল্লেখ্য যে অসমৰ অন্যতম ৰাজনীতিক তথা প্ৰাক্তন মন্ত্ৰী ৰামনাথ দাসৰ কন্যা আছিল ছায়া হাজৰিকা ।

উল্লেখ্য যে ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ ভাতৃবধুৰো তিনিদিন পূৰ্বে বিয়োগ হয় ৷ গড়কাপ্টানী বিভাগৰ অৱসৰী অধীক্ষক তথা ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ ভাতৃ বিৰিঞ্চি প্ৰসন্ন হাজৰিকাৰ পত্নী ড৹ বিনীতা হাজৰিকা(৭০)ৰ ১৬ জুলাইৰ নিশা লখিমপুৰ মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.