ETV Bharat / snippets

লখিমপুৰত হেৰ'ইনসহ দুই সৰৱৰাহকাৰী আটক

author img

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 10:29 PM IST

DRUGS PEDDLER
লখিমপুৰত হেৰ'ইনসহ দুই সৰৱৰাহকাৰী আটক (ETV BHARAT ASSAM)

লখিমপুৰ, ১৪ জুলাই: লখিমপুৰৰ খেলমাটি চকীৰ আৰক্ষীয়ে দেওবাৰে আবেলি হেৰ'ইনসহ কন্টেইনাৰ জব্দ কৰাৰ লগতে দুটা সৰবৰাহকাৰীক আটক কৰে । বিয়লি খেলমাটি চকীৰ আৰক্ষীয়ে চলোৱা অভিযানত আফিজুল ইছলাম আৰু মতিন আলীক আটক কৰে । ৰঙাজানৰ মতিন আলীৰ পৰা আৰক্ষীয়ে ৮ টা হেৰ'ইনভৰ্তি কন্টেইনাৰ আৰু খেলমাটি এলেকাৰ পশ্চিম চান্দমাৰীৰ আফিজুল ইছলামৰ পৰা ১০ টা হেৰ'ইনৰ কন্টেইনাৰ জব্দ কৰে ।

আৰক্ষীয়ে সৰৱৰাহকাৰী দুটাৰ পৰা নগদ ৪৬ হেজাৰ টকাও জব্দ কৰে । ধৃত আফিজুল ইছলামৰ প্ৰকৃত ঘৰ জিলাখনৰ লালুকত যদিও নগৰৰ পশ্চিম চান্দমাৰীত ভাৰাঘৰত থাকি ড্ৰাগছৰ বেহা চলাই আছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.