ETV Bharat / snippets

বিদ্যালয়লৈ যোৱাৰ পথত নুনমাটিত নিৰুদ্দিষ্ট তিনি কিশোৰী

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 6:30 AM IST

STUDENTS MISSING IN NOONMATI
নুনমাটিত নিৰুদ্দিষ্ট তিনি কিশোৰী (ETV Bharat Assam)

গুৱাহাটী, 25 জুন: মহানগৰীৰ নুনমাটিত অষ্টম শ্ৰেণীত অধ্যয়নৰত তিনিগৰাকী কিশোৰী নিৰুদ্দিষ্ট ৷ এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । নুনমাটিৰ নেপালী চ’কৰ চানচাইন পাব্লিক স্কুলৰ ছাত্ৰী তিনিগৰাকীয়ে সোমবাৰে পুৱা বিদ্যালয়লৈ অহাৰ পিছতে নিৰুদ্দেশ হৈ পৰে । ঘটনাত উদ্বিগ্ন কিশোৰী কেইগৰাকীৰ পৰিয়াল । পৰিয়ালকেইটাই নুনমাটি থানাত পৃথকে পৃথকে দাখিল কৰিছে এজাহাৰ । এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ ৷

কিশোৰী কেইগৰাকী ৰে’লযোগে শিলিগুড়িলৈ যোৱা বুলি তথ্য় লাভ কৰিছে আৰক্ষীয়ে ৷ তেওঁলোকক সুকলমে উদ্ধাৰৰ বাবে ইতিমধ্যে শিলিগুড়ি ৰে’ল আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে নুনমাটি আৰক্ষীয়ে ৷ কিশোৰী তিনিগৰাকী নাৰী সৰবৰাহকাৰী চক্ৰৰ কবলত পৰা বুলি আৰক্ষীৰ সন্দেহ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.