ETV Bharat / snippets

গুৱাহাটীত শ্ৰেণীকোঠাতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ ছাত্ৰৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 8:54 PM IST

SUDDEN CARDIAC ARREST
হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ ছাত্ৰৰ মৃত্যু (ETV Bharat Assam)

গুৱাহাটী, ২২ জুন : বিদ্যালয়ত শিক্ষকে পাঠদান কৰি থকা সময়তে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অকাল মৃত্যুক সাৱটি ল’লে নাৰেংগীৰ এছ এফ এছ স্কুলৰ এজন ছাত্ৰই । মৃত ছাত্ৰজন হৈছে গীতানগৰৰ কল্পনা এপাৰ্টমেণ্টৰ আৱাসী পিতৃ বিপিন সিং আৰু মাতৃ গুঞ্জন সিঙৰ কণিষ্ঠ সন্তান বিস্ময় কুমাৰ সিং(১৬) ।

শনিবাৰে শ্ৰেণীকোঠাত পাঠগ্ৰহণ কৰি থকা অৱস্থাতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ ঢলি পৰে একাদশ শ্ৰেণীত অধ্যয়ণৰত ছাত্ৰজন । লগে লগে বিস্ময়ক প্ৰতীক্ষা হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে । জানিব পৰা মতে পূৰ্বৰে পৰাই হৃদৰোগত আক্ৰান্ত বিস্ময় কুমাৰ সিং চিকিৎসাধীন অৱস্থাত আছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.