ETV Bharat / snippets

মুছলপুৰৰ পলিটেকনিকত অঘটন; গা ধুবলৈ গৈ ছাত্ৰৰ সলিল সমাধি

author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 12:31 PM IST

Student died by drowning in Baska
গা ধুবলৈ গৈ ছাত্ৰৰ সলিল সমাধি (ETV Bharat)

বাক্সা, 23 জুন : বাক্সাৰ মুছলপুৰ পলিটেকনিকত অঘটন । পলিটেকনিকৰ দ’ পুখুৰীত গা ধুবলৈ গৈ মৃত্যুক আঁকোৱালি ল’লে চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ অৰ্কিড ঠাকুৰীয়াই । অৰ্কিডৰ ঘৰ বাইহাটাত । জানিব পৰা মতে, ছাত্ৰজনে পৰীক্ষাৰ অন্তত লগৰ বন্ধুৰ সৈতে গা ধুবলৈ গৈছিল চৌহদত থকা পুখুৰীত । তেতিয়াই সংঘটিত হয় এই অঘটনটো ৷

ছাত্ৰজনৰ লগত যোৱা বন্ধুকেইজনে ওচৰৰ সকলোকে খবৰ দিয়াত SDRF বাহিনীৰ লোকে প্ৰায় দুই ঘন্টাৰ পাচত পুখুৰীৰ পৰা উদ্ধাৰ কৰে ছাত্ৰজনক । লগে লগে ছাত্ৰজনক মুছলপুৰ ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । ছাত্ৰজনৰ মৃত্যুত এতিয়া সমগ্ৰ অঞ্চলটোৰ লগতে শিক্ষানুষ্ঠানখনত পৰিছে শোকৰ ছাঁ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.