ETV Bharat / snippets

ব্ৰহ্মপুত্ৰত মাছ ধৰিবলৈ গৈ মাজৰবাৰীৰ নলবাৰীত সন্ধানহীন এজন

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 8:51 PM IST

Silapathar youth drowned in Brahmaputra river
ব্ৰহ্মপুত্ৰত মাছ ধৰিবলৈ গৈ মাজৰবাৰীৰ নলবাৰীত সন্ধানহীন এজন (ETV Bharat)

জোনাই, ২৬আগষ্ট: ব্ৰহ্মপুত্ৰত মাছ ধৰিবলৈ গৈ সন্ধানহীন হৈ আছে চিলাপথাৰ চিমেনমুখ মাজৰবাৰীৰ নলবাৰী হাজং গাঁৱৰ এজন যুৱক । ঘটনাৰ বিৱৰণী অনুসৰি, আজি পুৱা প্ৰায় ১০ বজাত এখন হাত নাৱেৰে লগৰীয়াৰ সৈতে ব্ৰহ্মপুত্ৰৰ আনটো পাৰত ঘৰৰ পৰা ওলাই যায় ৷

দুপৰীয়া আটায়ে সাঁতুৰি নদীখন পাৰ হয় ৷ পাৰ পাবলৈ দহ-বাৰ ফুট বাকী থকা অৱস্থাতে নদীৰ সোঁতে উটুৱাই লৈ যায় পৰিতোষক(৩০) । তাৰ পাচত গাঁৱৰ ৰাইজৰ সহযোগত আৰক্ষী আৰু চিলাপথাৰৰ ৰাজ্যিক দুৰ্যোগ বাহিনীৰ জোৱানে চলায় অভিযান ৷ বাতৰি লিখা পৰলৈকে পৰিতোষৰ কোনো সম্ভেদ উলিয়াবলৈ সক্ষম নহ’ল দলটোৱে ৷ ইফালে সন্ধিয়া হোৱাৰ বাবে উদ্ধাৰকাৰী দলে আধাতে উদ্ধাৰ অভিযান বন্ধ কৰিবলৈ বাধ্য হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.