জোনাই, ৩০ জুলাই: ধেমাজিৰ চিমেন চাপৰিত মঙলবাৰে এটা মৃতদেহ উদ্ধাৰ হয় । প্ৰাতঃভ্ৰমণলৈ যোৱা লোকে ১৫ নং ঘাইপথৰ চিমেন চাপৰিস্থিত সাহিত্যমণিষী উদ্যানৰ কাষৰ জংঘলত মৃতদেহটো প্ৰত্য়ক্ষ কৰি চিমেন চাপৰি আৰক্ষী থানাত খবৰ দিয়ে । পিচত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো ১ নং ৰংপুৰীয়া গাঁৱৰ অজিত বৰা (৪৩) বুলি চিনাক্ত কৰে ।
যোৱা ২৮ জুলাইত অজিত বৰাই চিমেন চাপৰি দেওবৰীয়া সাপ্তাহিক বজাৰলৈ যায় । বজাৰৰ বয়বস্তু কিনাৰ পাচত মূৰঘূৰণি হোৱা বুলি কৈ মোনাটো গাঁৱৰ মানুহৰ হাতত ঘৰলৈ পঠিয়াই দিয়ে । ইয়াৰ পিচৰে পৰা তেওঁ সন্ধানহীন হয় । দুৰ্বৃত্তই লোকজনক হত্যা কৰি পেলাই থৈ যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ।