ৰঙাপৰা, 18 জুন : শোণিতপুৰৰ অসম-অৰুণাচল সীমাৰ ভালুকপুঙত সোমবাৰে বিয়লি ভাগত পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ ভালুকপুঙৰ দিশৰ পৰা অহা এখন স্কৰপিঅ’ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ভালুকপুঙত থকা আই টি বি পি শিবিৰৰ পকী দেৱালত তীব্ৰ বেগত খুন্দা মৰাৰ ফলত সেনাৰ এজন লেফটেনেন্ট কর্নেলসহ আহত হয় পাঁচজনকৈ লোক ।
বাহনখনৰ নম্বৰ হৈছে AS12AH ৷ আহত কেইজন ক্ৰমে জিতু মিত্ৰ দেৱ শৰ্মা, লেফটেনেন্ট কৰ্ণেল উদিতাংশু কৈৰী, নিশান্ত সিং, বিকাশ কুমাৰ কৈৰী আৰু বিশাল কুমাৰ কৈৰী বুলি চিনাক্তকৰণ হৈছে । আটাইকেইজনক চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে ৷